ঢাকাঃ বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত অভাৱনীয় বিজয় সাব্যস্ত কৰি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই চতুৰ্থবাৰৰ বাবে শাসনত তধিস্থিত হ’ল। অৱশ্যে বিৰোধীয়ে এই নিৰ্বাচনত ব্যাপক ৰিগিং হোৱাৰ অভিযোগ তুলি পুনৰ ভোটগ্ৰহণৰ দাবী উত্থাপন কৰিছে। অতি কমেও ১৭ জন লোকে প্ৰাণ দিবলগীয়া হোৱা এই ৰক্তাক্ত নিৰ্বাচনত ৩০০ খন আসনৰ ভিতৰত শাসনাধিস্থিত আৱামী লীগে ২৮৮ খন আসন লাভ কৰিবলৈ সক্ষম হয়। মূল বিৰোধীয়ে মাত্ৰ ছখন আসনহে দখল কৰিবলৈ সক্ষম হয় বুলি প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগৰ সচিব হেলাল উদ্দিন আহমেদে। এই নিৰ্বাচনত তচনচ হোৱা বিৰোধীৰ মিত্ৰযোটৰ মুৰব্বী কমল হুছেইনে কয় যে এখন নিৰপেক্ষ চৰকাৰৰ অধীনত আমি অতি সোনকালে নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰোঁ। মন কৰিবলগীয়া যে ৭১ বছৰীয়া হাছিনাই দেশখনৰ অৰ্থনৈতিক ভেটি টনকীয়াল কৰাৰ লগতে চুবুবীয়া ম্যানমাৰত নিগ্ৰিহীত ৰহিংগ্যাসকলক আশ্ৰয় দিয়াৰ বাব দেশখনত জনপ্ৰিয়তা বৃদ্ধি পাইছে। কিন্তু বিৰোধী বি এন পি নেত্ৰী খালেদা জীয়ক ১৭ বছৰ কাৰাগাৰলৈ নিক্ষেপ কৰাৰ বাবে সমালোচনাৰ সম্নুখীন হেছে।