ঢেকীয়াজুলিঃ দেশত এটাৰ পিছত এটাকৈ বেংক কেলেংকাৰীৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে এইবাৰ অসমতো অনুৰূপ ঘটনা পোহৰলৈ আহিছে৷ দেশত যেন এতিয়া বেংকৰ টকা লুটি পলায়ন কৰাটো সহজ ঘটনাত পৰিণত হৈছে৷ এফালে সৰ্বতোপ্ৰকাৰে চৰকাৰে ডিজিটেল ইণ্ডিয়া গঢ়াৰ সপোন আনফালে এই ফাণ্ডত ভৰি দি সাধাৰণ কৃষিজীৱী জনতাৰ সৰ্বশ্ৰান্ত হোৱাৰ পাল৷ 

বেংকত একাউন্ট খুলি চৰকাৰী আহ্বানক সমৰ্থন দিবলৈ তথা নিজকে বেংকিং ব্যৱস্থাৰে সামৰিবলৈ আগবাঢ়ি অহা একাংশ সাধাৰণ ৰাইজে পুনৰ বেংক কৰ্মচাৰীৰ দ্বাৰা লুণ্ঠিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে শোণিতপুৰ জিলাৰ বৰগাৱঁত৷ জানিব পৰা মতে, শোণিতপুৰৰ ভাৰতীয় ষ্টেট বেংকৰ তেলিগাওঁ শাখাৰ অধীনস্থ বৰগাওঁ গ্ৰাহক সেৱা কেন্দ্ৰত শ শ দৰিদ্ৰ লোকৰ কষ্টোপাৰ্জিত ধন বেংকত জমা ৰখাৰ পিচত কৌশলৰে বেংকটোৰ কৰ্মচাৰীয়ে লুণ্ঠন কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

এছ বি আই বৰগাওঁ গ্ৰাহক সেৱা কেন্দ্ৰ পৰিচালনা কৰা দীপক কুমাৰ কোচ নামৰ যুৱক জনে অতি কৌশলৰে গ্ৰাহকৰ একাউন্টৰ পৰা লাখ লাখ টকা নিজা একাউণ্টলৈ হৰলুকি কৰে৷ এই হৰলুকি কাণ্ডটোৰ সন্দৰ্ভত গ্ৰাহক সকলে অৱগত হোৱাৰ পিছতেই কাৰ্যালয়টোত তলা মাৰি আত্মগোপন কৰে পৰিচালক দীপক কুমাৰ কোঁচে৷ গ্ৰাহক সকলৰ কষ্টোপাৰ্জিত জমা ধন এনেদৰে হৰলুকী কৰাৰ বাবে বৰ্তমান সাধাৰণ ৰাইজে হাহাকাৰ কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি  হৈছে৷

উল্লেখ্য যে গ্ৰাহক বীনা দেৱীৰ দুটাকৈ বেংক একাউন্টত ক্ৰমে একাউন্টত প্ৰায় ১লাখ, বিষ্ণুমায়া দেবীৰ ২০ হাজাৰ, তাৰাবীৰ ভূজেলৰ ১২ হাজাৰ, জোনালী দেবীৰ ১৫ হাজাৰ, তনুজা দেবী ৭ হাজাৰ, উমা দেবীৰ ৩ হাজাৰকে ধৰি প্ৰায় ১০লাখ টকাতকৈ অধীক টকা বেংক পৰিচালকে হৰলুকী কৰা বুলি সৰ্বশ্ৰান্ত গ্ৰাহক সকলে জানিবলৈ দিয়ে৷ 

বৰগাঁৱৰ এই এছ বি আই গ্ৰাহক কেন্দ্ৰটি পাৰ্থপ্ৰণয় ৰাভাৰ নামত পঞ্জীয়ন আছে আৰু পৰিচালনাৰ দায়িত্বত আছিল দীপক কুমাৰ কোচ নামৰ লোকজন৷ বেংক জালিয়াতি কাণ্ড সংঘটিত কৰা পৰিচালক দীপক কুমাৰ কোঁচে গ্ৰাহকক বেংক একাউন্ট খুলোতে বেংক পাছবুক দিয়া নাছিল বুলি জানিব পৰা গৈছে৷ এনেদৰে গ্ৰাহক সকলক বেংক পাছবুক প্ৰদান নকৰি গ্ৰাহকৰ আঙুলি ছাপৰ জৰিয়তে জালিয়াতি কৰি বৃহৎ পৰিমানৰ ধন হৰলুকি কৰাৰ কৌশল ৰচনা কৰে৷ 

ইপিনে এই জালিয়াতি পোহৰলৈ অহাৰ পাছত ষ্টেট বেংক তেলিগাওঁ শাখাৰ পৰিচালক বিমল বড়োৱে এই কাণ্ডৰ দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ ল’বলৈ আহ্বান জনায়৷ ঘটনা সন্দৰ্ভত গ্ৰাহক সকলে এচ বি আই কৰ্তৃপক্ষৰ পৰা এক নিৰপেক্ষ তদন্ত বিচৰাৰ লগতে হৰলুকী হোৱা তেওঁলোকৰ কষ্টোপাৰ্জিত ধন সমূহ উভতাই দিবলৈ দাবী জনাইছে৷ টকা হৰলুকী কাণ্ডত সৰ্বশ্ৰান্ত হোৱা গ্ৰামাঞ্চলৰ সাধাৰণ ৰাইজৰ বিৰুদ্ধে ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হৈ পৰিছে ৷