বাৰাণসীঃ তেজ বাহাদুৰ যাদৱৰ নাম আপোনালোকৰ সকলোৰে মনত আছে নিশ্চয়! বিএছএফৰ এই জোৱানজনে সেনা তথা ভৰতীয় অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক উৰ্ধ্বতন কৰ্তৃপক্ষই কেনেদৰে দুৰ্ব্যৱহাৰ কৰি আছে, খাদ্যৰ নামত দিন-ৰাতি একাকাৰ কৰি দেশ ৰক্ষাত নিজকে উৎসৰ্গা কৰা জোৱানসকলক কি খাবলৈ দিয়া হৈছে, তাক ছ’চিয়েল মিডিয়াযোগে দেশবাসীক অৱগত কৰি চৰকাৰৰ ৰোষত পৰিছিল।

জোৱানসকলৰ বীৰত্ব আৰু ত্যাগক সততে ৰাজনৈতিক মুনাফাৰ বাবে ব্যৱহাৰ কৰি অহা নৰেন্দ্ৰ মোডী চৰকাৰে ভাৰতীয় জোৱানসকলৰ দুৰৱস্থাৰ কথা সাহসেৰে ফাদিল কৰি দিয়া তেজ বাহাদুৰ যাদৱৰ দৰে ভুক্তভোগীসকলক প্ৰকৃতাৰ্থত ন্যায় প্ৰদান কৰাটোতো বাদেই, বৰঞ্চ তেওঁৰ সংগও দিয়াৰ পৰা বিৰত থাকিল। তেজ বাহাদুৰ যাদৱে চাকৰি হেৰুৱালে।

এই তেজ বাহাদুৰে এইবাৰ বাছি লৈছে ৰাজনৈতিক ক্ষেত্ৰখন। যিজন নৰেন্দ্ৰ মোডীয়ে পুলৱামাৰ ৪৪ জন ছহিদৰ নামত ভোট ভিক্ষা কৰি আছে, তেওঁৰ বিৰুদ্ধে তেজ বাহাদুৰে বাৰাণসী সমষ্টিৰপৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ বাঢ়িছে। তেওঁক সমাজবাদী পাৰ্টীয়ে সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

সততে ভাৰতীয় সেনাৰ নামত জনতাক আবেগিক কৰি অহা নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে এজন প্ৰাক্তন জোৱানে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ ওলোৱা কাৰ্যই মোডীৰ জোৱানসকলৰ প্ৰতি থকা দায়ৱদ্ধতাৰ অভাৱকে যেন প্ৰতিয়মান কৰিছে।