দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ বৰনৰ্দ্দী অঞ্চলৰ নিজ পকোৱাবাসীৰ উদ্যোগত স্থানীয় পকোৱা হাইস্কুল প্ৰাংগণত মংগলবাৰে নিশা 'বসন্তৰ এদিন' শীৰ্ষক এক বৰ্ণিল অনুষ্ঠানত বিশিষ্ঠ কন্ঠশিল্পী অণিমা চৌধুৰীলৈ আগবঢ়োৱা হয় জীৱনজোৰা সাধনা বঁটা।

উক্ত বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্যই। উক্ত বঁটাত আছে গামোচা, শৰাই, জাপি, চেলেং চাদৰ, স্মাৰক, সম্বৰ্দ্ধনা পত্ৰ আৰু নগদ ধন। 

ইপিনে, মুনীন্দ্ৰ মল্ল বৰুৱা-জমিৰুদ্দিন আহমদ সোঁৱৰণী মঞ্চত উদযাপন সমিতিৰ সভাপতি বলেন্দ্র মল্ল বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত  আৰু ডাঃ সমুজ্জ্বল ভৰদ্বাজে আঁত ধৰা অনুষ্ঠানটোত বঁটা প্ৰদান কৰি দিয়া ভাষণত বিশিষ্ট সাহিত্যিক ড° বসন্ত কুমাৰ ভট্টাচাৰ্যই কয় যে মানুহে বঁটা-বাহন, সম্বৰ্দ্ধনা লাভ কৰি জীৱনত আগবাঢ়িবলৈ অনুপ্ৰেৰণা লাভ কৰে।

অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে কয় যে সংগীত এনেকুৱা এটা চিকিৎসা যাৰ লগত কোনো চিকিৎসাৰে তুলনা নহয়। উক্ত বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক, লেখক ড° অনুৰাধা শৰ্মাই প্ৰয়াত অভিনেতা, নাট্যকাৰ মহানন্দ শৰ্মা আৰু ভবেন বৰুৱাই নাট্য জগতখনলৈ আগবঢ়োৱা অবদানৰ বিষয়ে উল্লেখ কৰি  বঁটাপ্ৰাপক কণ্ঠ শিল্পী অণিমা চৌধুৰীক ধন্যবাদ জ্ঞাপন কৰে।

উক্ত বঁটা প্ৰদান অনুষ্ঠানৰ অন্তত নিশা শিল্পী বিপিন চাউদাঙৰ লগতে ৰাজ্যখনৰ ভালেকেইগৰাকী শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত 'বসন্তৰ এদিন' শীৰ্ষক অনুষ্ঠানটোৰ লগত সংগতি ৰাখি নিজ পকোৱা অঞ্চলৰ সত্তৰোৰ্দ্ধৰ ৭০ গৰাকীৰ অধিক বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।