বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ বৃহত্তৰ বাহজানী অঞ্চলৰ চান্দকুছি-ক্ষুদ্ৰশংকৰা কদমতলত অৱস্থিত শ্ৰীশ্ৰী হনুমান মন্দিৰত অইন বাৰৰ দৰে এইবাৰো অঞ্চলটোৰ ৰাইজ মিলি শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে হনুমানজয়ন্তী উদযাপন কৰে।

উক্ত হনুমান পূজাত আসিশ ল’বলৈ বিভিন্ন প্ৰান্তৰ ভক্ত-দৰ্শনাৰ্থীৰে লোকে লোকাৰাণ্য হৈ পৰে। পুৱা ৭ বজাত সমূহীয়া চাফাই, ৮ বজাত পতকা উত্তোলন, ৯ বজাত বৃক্ষৰোপন, ১০ বজাত পূজা আৰাম্ভ, দিনৰ ১ বজাত শান্তি প্ৰদান আৰু পুষ্পাঞ্জলি প্ৰদান, ১-৩০ বজাত প্ৰসাদ বিতৰণ, ২ বজাত সমূহীয়া ভোগ বিতৰন, আবেলি ৪ বজাত নাগাৰাৰ নামেৰে কাৰ্যসূচীৰ সামৰণি পৰে।