দিগন্ত বৰ্মন, বৰনৰৰ্দ্দীঃ নলবাৰী চহৰৰ এটা কোটি টকীয়া নলা নিৰ্মাণত ব্যাপক বিসংগতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি ইয়াৰ প্ৰতিবাদ জনাই ৰাইজে ধাৰাবাহিক আন্দোলন কৰি অহাৰ পিচতো চৰকাৰখনৰ বৰমূৰীয়াৰ গা নলৰা ঘটনাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ 

ইপিনে ৰাজহুৱা প্ৰতিবাদক চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই মুঠেও গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ স্থানীয় ৰাইজ৷ চৰকাৰ তথা সংশ্লিষ্ট পক্ষৰ গুৰুত্বহীনতাক ধিক্কাৰ জনাই মঙলবাৰৰপৰা ৰাইজে নলবাৰী চহৰৰ বৰমা পথত সাদিনীয়া প্ৰতিকী ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজনৰে অভিনৱ প্ৰতিবাদ আৰম্ভ কৰিছে৷ নলবাৰীৰ সন্ধাৰ পৰা চহৰৰ মাজেৰে বৰমা ৰোড হৈ বৰকুৰালৈ পথ নিৰ্মাণ তথা দুখনকৈ সৰু দলং নিৰ্মাণৰ নামত আৱন্টিত হৈছে ৩১ কোটি ৫১ লাখ টকা৷ 

এই পথ আৰু দলং নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ উপৰি ২.৬ কিলোমিটাৰ দৈৰ্ঘৰ নলা নিৰ্মানৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম৷ ঠিকাদাৰ পাপু আগৰৱালাই গড়কাপ্তানি বিভাগৰ বিষয়াৰে মিলি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে প্ৰাককলন অনুসৰি কাম নকৰাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে৷

বিশেষকৈ চহৰৰ বৰমা ৰোডৰ নলা নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি বৰমা ৰোডৰ বাসিন্দাই বিগত আঢ়ৈ মাহ ধৰি ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰপিচতো গা লৰা নাই সংশ্লিষ্ট বিভাগৰ৷ যোৱা ৬ মে'ত নিম্নমানৰে কৰি থকা নলা নিৰ্মাণৰ কাম ৰাইজে বন্ধ কৰি দি প্ৰতিবাদ জনাইছিল যদিও এনে প্ৰতিবাদক ঠিকাদাৰ পাপু আগৰৱালাই কোনোধৰণৰ গুৰুত্বই নিদিলে৷ 

ইয়াৰ পিছতে যোৱা ২৭ জুনত দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতিৰ স্থিতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নলবাৰী ভ্ৰমণৰ দিনাই ৰাইজে আন এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ চহৰৰ কৃত্ৰিম বান ৰোধৰ বাবে গ্ৰহণ কৰা নলা নিৰ্মাণ আঁচনিত দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰা সংশ্লিষ্ট ঠিকাদাৰ আৰু গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাকে বিভাগটোৰ ভালেকেইগৰাকী বিষয়া কৰ্মচাৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্য আয়োজনৰে কটাক্ষ কৰি সিদিনা প্ৰতিবাদ জনায়৷  

ঠিকাদাৰ আৰু কাৰ্যবাহী অভিযন্তাক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ বাবে আদৰণি তোৰণ সাঁজি উলিওৱাৰ লগতে সম্বৰ্ধনাৰ বাবে বিবিধ সামগ্ৰীও যোগান কৰি ৰাখিছে৷ আনহাতে, আদৰণি তোৰণখন সাজু কৰা হৈছে জোতা, চেন্দেলৰ মালা, দুজোপা কলগছ৷ লগতে গাঠি দিয়া হয় গাজৰ, জলকীয়া, মেখেলা আদি৷ সমগ্ৰ পথছোৱাত আঁৰি দিয়া হয় কেবাখনো বেনাৰ, হ'ৰ্ডিং, ফেষ্টুন আদি৷ 

নলা নিৰ্মাণত বিসংগতি কৰা ঠিকাদাৰ পাপু আগৰৱালা, গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ নলবাৰীৰ কাৰ্যবাহী অভিযন্তা মৃদুল কুমাৰ দাসৰ লগতে 'আদৰণি' জনাবলগীয়া অন্যান্য সংশ্লিষ্ট সকলৰ নামৰ দীঘলীয়া তালিকাৰ এখন হ'ৰ্ডিঙো আঁৰি দিয়ে প্ৰতিবাদস্থলীত৷ হ'ৰ্ডিংখনত নামোল্লেখ কৰা অন্যান্য সকল হ'ল গড়কাপ্তানি পথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অসীম কুমাৰ চক্ৰৱৰ্তী, সহকাৰী অভিযন্তা অৱনী বৰপাত্ৰগোহাঁই, কনিষ্ঠ অভিযন্তাদ্বয় শংকৰ শৰ্মা, নিশিপদ চৌধুৰী, ক্ষেত্ৰ সহায়ক শৰৎ তামুলী আদি৷প্ৰতিবাদী হ'ৰ্ডিংখনত উল্লেখ কৰিছে এইবুলি যে নলবাৰী চহৰৰ প্ৰধান সমস্যা হ'ল কৃত্ৰিম বানপানী৷ তেনেস্থলত প্ৰাককলন অনুসৰি কাম নকৰি ঠিকাদাৰ আৰু অভিযন্তাই মিলি নিজৰ মইমতালিৰে ১.৭৫ মিটাৰ গভীৰতাৰ ঠাইত মাত্ৰ ০.৪৫ মিটাৰ গভীৰ ভাৱে নলা ত্ৰুটিপূৰ্ণ নিৰ্মাণ কৰা ঠিকাদাৰ আৰু অভিযন্তাক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ বাবে একোখনকৈ ফুলাম মেখেলা আৰু জোতা চেণ্ডেলৰ মালা লৈ ৰাইজ সাজু হৈ আছিল৷

তাৰোপৰি 'ঠিকাদাৰ আৰু কাৰ্যবাহী অভিযন্তা ভাই ভাই, দুৰ্নীতি কৰাত ভয় নাই' আদি জাতীয় কটাক্ষ মন্তব্যৰ ফেষ্টুনেৰে সমগ্ৰ বৰমা ৰোড পথছোৱা ভৰাই তুলিছিল৷ ইমানৰ পিছতো কোনোধৰণৰ তদন্তৰ ব্যৱস্থা নকৰাৰ লগতে বিভাগ তথা চৰকাৰৰ গা নলৰাত মঙলবাৰে ৰাইজে আন এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ নলাটো নিৰ্মাণত জড়িত সকল মৌন হৈ থকাৰ পৰিপ্ৰেক্ষিততে তেওঁলোকৰ প্ৰতিকী ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰি প্ৰতিবাদ জনায়৷

গড়কাপ্তানি ৰাজ্যিক পথ সংমণ্ডলৰ আয়ুক্ত ৰাজেশ কেম্প্ৰাই, বিভাগটোৰ সচিৱ দিব্যজ্যোতি চহৰীয়া, মুখ্য অভিযন্তা বিভূতি শইকীয়া আৰু কুশল শইকীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই উক্ত প্ৰতিবাদ জনায়৷উক্ত ব্যক্তি কেইজনৰ নামত ফুলৰ মালা দি চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে চাৰিশ বিশ পাত চেন্দেলৰ এডাল দীঘল মালা, ফটা চিৰা কাপোৰৰ মালা আঁৰি দিয়ে সমগ্ৰ প্ৰতিবাদস্থলীত৷ এনে অভিনৱ প্ৰতিবাদী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান একেৰাহে সাত দিন ধৰি চলিব বুলি আন্দোলনৰ নেতৃত্ব লোৱা প্ৰতিবাদী যুৱক নুৰুল ইছলামে জানিব দিয়ে৷