দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ অহা ২৫ জুলাইৰপৰা ২৮ জুলাইলৈ তেজপুৰত অনুষ্ঠিত হ'ব লগা ৩৬ তম ৰাজ্যিক টাইকোৱনডো চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ বাবে নলবাৰী জিলাৰ দল ঘোষণা কৰিছে৷

চাব জুনিয়ৰ, কেডেট, জুনিয়ৰ আৰু চিনিয়ৰ শাখাৰ নলবাৰী জিলাৰ ৫৬ জনীয়া দলটোক মঙলবাৰে নলবাৰীৰ গৰ্ডন স্কুল খেল পথাৰত জিলা টাইকোৱনডো সন্থাই আনুষ্ঠানিকভাৱে শুভেচ্ছা জনায়৷ 

জিলা টাইকোৱনডো সন্থাৰ সভাপতি মনোজ কুমাৰ চৌধুৰী, কাৰ্যকৰী সভাপতি বনদীপ ডেকাই দলটোক শুভেচ্ছা জনায়৷ দলটোত প্ৰশিক্ষক হিচাপে কনক দাস, শ্যাম কুমাৰ শৰ্মা, অংকিত মিশ্ৰ, কিশোৰ দাস আৰু মেনেজাৰ হিচাপে প্ৰশান্ত দাস, কুলদীপ ৰাজবংশী উপস্থিত থাকিব৷ 

দলটো বুধবাৰে তেজপুৰত গৈ উপস্থিত হ'ব৷