বৰপেটাঃ বৰপেটা চহৰত দিনক দিনে বৃদ্ধি পোৱা যানজটৰ সমস্যা আতৰ কৰাৰ বাবে কালিৰে পৰা আৰক্ষী আৰু জিলা প্ৰশাসনে অব্যাহত ৰাখিছে বিশেষ অভিযান ৷ চহৰখনৰ মহেন্দ্ৰ মোহন চক সংলগ্ন ভি আই পি ৰোডত যানজট নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী আৰু জিলা প্ৰশাসনে দুচকীয়া বাহনৰ নথিপত্ৰ পৰীক্ষা কৰাৰ লগতে হেলমেট বিহীন বাইক চালক সকলক জৰিমনা বিহে । 

বৰপেটা জিলাৰ উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত এই অভিযান চলে ৷ কালি চহৰখনৰ বিভিন্ন পদপথত অবৈধ দখলকাৰী সকলৰ বিৰুদ্ধে অভিযান চলায় ৷ এই অভিযান কালত পথপথত থোৱা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ চাইনবোৰ্ড আৰক্ষীয়ে জব্দ কৰে ৷ এই অভিযানত বৰপেটা নগৰ উপ পৰিদৰ্শক ধনমণি ডেকাও উপস্থিত থাকে ৷ যানজটৰ সমস্যাৰ বিৰুদ্ধে গ্ৰহণ কৰা আৰক্ষী প্ৰশাসনৰ এনে ভূমিকাক সন্তুষ্টি প্ৰকাশ কৰিছে সচেতন ৰাইজে ৷