মোৰাঝাৰঃ হোজাই জিলাৰ খবলীৰ পাৰ গাঁৱৰ বাসিন্দা তথা বিশিষ্ট সমাজসেৱক বসাৰত আলীয়ে ১২২ বছৰ বয়সত বৃহস্পতিবাৰে নিশা মৃত্যুক আকোৱালি লয়৷ 

বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল বসাৰত আলীয়ে৷ শুকুৰবাৰে ৪ বজাত স্থানীয় জামে মছজিদ প্ৰাংগনত শতাধিক লোকৰ উপস্থিতিত জানাজা সম্পন্ন কৰা হয়৷ স্থানীয় দল-সংগঠনে জ্যেষ্ঠ নাগৰিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷