বটদ্ৰৱাঃ নগাঁও জিলাৰ ৮৪নং বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিটা জিলা পৰিষদ সমষ্টি ক্ৰমে বটদ্ৰৱা,  চাবুকধৰা, হাটিচোং আৰু চাবুকধৰা জিলা পৰিষদৰ ভোট গণনা সম্পন্ন হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি বটদ্ৰৱাত অপত্যাশিতভাৱে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আচমিনা খাতুনে ৭৬৩টা ভোটত কংগ্ৰেছৰ ছাবিনা ইয়াচমিনক পৰাস্ত কৰে৷ চাবুকধৰা জিলা পৰিষদত কংগ্ৰেছ দলৰ মনিষা বৰদলৈয়ে বি জে পিৰ প্ৰাৰ্থীক পৰাস্ত কৰে৷ ইপিনে হাটিচোং জিলা পৰিষদত বি জে পি প্ৰাৰ্থী  সীমাৰেখা ভড়ালীয়ে অ গ প দলৰ প্ৰাৰ্থী অৱন্তী দেৱীক ৪০৯১টা ভোটত পৰাস্ত কৰি বিজয়ী হয়৷

আনহাতে টুকটুকী জিলা পৰিষদ সমষ্টিত ভোট গণনাৰ অন্তত এ আই ইউ ডি এফৰ প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী আমিনুল হক ফকিৰক পৰাস্ত কৰে৷

বটদ্ৰৱা সমষ্টিৰ সকলো গাঁও পঞ্চায়তৰ ফলাফল ইতিমধ্যে ঘোষিত হৈছে৷ সমষ্টিটোত শাসকীয় বি জে পিয়ে আশাপ্ৰদ ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা দেখা গৈছে৷ আনহাতে বিগত বিধানসভা নিৰ্বাচনৰপৰা প্ৰায় সুপ্ত হৈ থকা এ আই ইউ ডি এফ দলে এই পঞ্চায়ত নিৰ্বাচনত বটদ্ৰৱা সমষ্টিত পুনৰ নিজৰ অস্তিত্ব জাহিৰ কৰি চকুত লগা ফলাফল দেখুওৱা পৰিলক্ষিত হৈছে৷ 

ইপিনে ঠায়ে ঠায়ে অ গ প দলেও অাসন লাভ কৰিছে যদিও ভবাৰ দৰে আশাপ্ৰদ ফল দেখুওৱাত ব্যৰ্থ হোৱা দেখা গ'ল আঞ্চলিক দলটো৷ আনহাতে বিৰোধী কংগ্ৰেছ দলে প্ৰায় আটায়বোৰ পঞ্চায়ততে শাসকীয় কংগ্ৰেছ দলক তীব্ৰ প্ৰত্যাহ্বান জনায় অবশেষত কেইবাটাও পঞ্চায়তত শেষ হাঁহি মাৰিবলৈ সক্ষম হোৱা দেখা গ'ল৷

বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়ত আৰু আঞ্চলিক সদস্য পদত নিৰ্বাচিত দল তথা প্ৰাৰ্থী তালিকাঃ

বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়ত
সভাপতিঃ বি জে পি (নমিতা বৰা) 
আঞ্চলিক সদস্যঃ কংগ্ৰেছ (নগেন বৰা)

ভোমোৰাগুৰি গাঁও পঞ্চায়ত 
সভাপতিঃ কংগ্ৰেছ (ৰকিবুল ইছেইন) 
আঞ্চলিক সদস্যঃ কংগ্ৰেছ (বিউটী বৰদলৈ)

কদমনি গাঁও পঞ্চায়ত
সভাপতিঃ এ আই ইউ ডি এফ (নাজমিন চুলতানা) 
আঞ্চলিক সদস্যঃ এ আই ইউ ডি এফ (মিনাৰা বেগম)

ৰামপুৰ সত্ৰ গাঁও পঞ্চায়ত
সভাপতিঃ কংগ্ৰেছ (ৰাচিদা খাতুন) 
আঞ্চলিক সদস্যঃ কংগ্ৰেছ (পাৰবীন চুলতানা)

ওপৰ ডুমডুমীয়া গাঁও পঞ্চায়ত
সভাপতিঃ  বি জে পি (পূৰ্ণীমা দাস)
আঞ্চলিক সদস্যঃ বি জে পি (নুৰ মহম্মদ) 

শ'লগুৰি গাঁও পঞ্চায়ত
সভাপতিঃ কংগ্ৰেছ (আফিয়া খাতুন) 
আঞ্চলিক সদস্যঃ কংগ্ৰেছ (ফকৰউদ্দিন )

ধনীয়াভেটী গাঁও পঞ্চায়ত
সভাপতিঃ কংগ্ৰেছ ( চুলেমা বেগম) 
আঞ্চলিক সদস্যঃ কংগ্ৰেছ (আৰিফা বেগম)

কটহগুৰি গাঁও পঞ্চায়ত
সভাপতিঃ নিৰ্দলীয় (চিৰিনা বেগম)
 আঞ্চলিক সদস্যঃ নিৰ্দলীয় (আব্দুল ৰেজ্জেক)

শিলপুখুৰী গাঁও পঞ্চায়ত
সভাপতিঃ নিৰ্দলীয়  (আজিজুল ইছলাম) 
আঞ্চলিক সদস্যঃ নিৰ্দলীয় (মফিদা খাতুন)

আমলখি গাঁও পঞ্চায়ত
সভাপতি : এ আই ইউ ডি এফ  (নুৰ উল্লাহ) 
আঞ্চলিক সদস্য  : এ আই ইউ ডি এফ  (চাবিনা ইয়াচমিন)

টুকটুকী গাঁও পঞ্চায়ত
সভাপতিঃ এ আই ইউ ডি এফ (মুকুট আহমেদ ) 
আঞ্চলিক সদস্যঃ এ আই ইউ ডি এফ (এতিনা )

ধূপগুৰি গাঁও পঞ্চায়ত
সভাপতিঃ কংগ্ৰেছ
আঞ্চলিক সদস্যঃ কংগ্ৰেছ

চহৰীয়া গাঁও পঞ্চায়ত
সভাপতিঃ বি জে পি 
আঞ্চলিক সদস্যঃ বি জে পি 

দলংঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়ত আৰু আঞ্চলিক সদস্য পদত নিৰ্বাচিত দল তথা প্ৰাৰ্থী তালিকা

ৰাইডঙীয়া গাঁও পঞ্চায়ত
সভাপতিঃ বি জে পি (ৰবিতা পাটৰ) 
আঞ্চলিক সদস্যঃ বি জে পি (প্ৰাঞ্জল দাস)

আইভেটী গাঁও পঞ্চায়ত
সভাপতিঃ বি জে পি (দেহীৰাম বৰা) 
আঞ্চলিক সদস্যঃ বি জে পি (কল্পনা বৰা)

নিজ হাটিচোং গাঁও পঞ্চায়ত
সভাপতিঃ বি জে পি (অভিজিৎ মেধি) 
আঞ্চলিক সদস্যঃ বি জে পি (পুনিমাই বৰদলৈ)

জামুগুৰি কুঁজীডাহ গাঁও পঞ্চায়ত
সভাপতিঃ অ গ প (কৌস্তভ বৰা) 
আঞ্চলিক সদস্যঃ বি জে পি (ভদ্ৰ বৰা) 

পাঘালী গাঁও পঞ্চায়ত
সভাপতিঃ কংগ্ৰেছ (মইনুল হক) 
আঞ্চলিক সদস্যঃ কংগ্ৰেছ (সন্ত নাৰায়ন ডেকা )

মাজ জাজৰি  গাঁও পঞ্চায়ত
সভাপতিঃ বি জে পি (মিন্টু কোঁৱৰ) 
আঞ্চলিক সদস্যঃ বি জে পি (বিবি বৰা)

কাকমাৰী গাঁও পঞ্চায়ত
সভাপতিঃ বি জে পি (লক্ষ্যজ্যোতি হাজৰিকা ) 
আঞ্চলিক সদস্যঃ বি জে পি (পংকজ পাটৰ )

ভকতগাঁও গাঁও পঞ্চায়ত
সভাপতিঃ বি জে পি (পিতাম্বৰ কুমাৰ ডেকা) 
আঞ্চলিক সদস্যঃ বি জে পি (গুণমাই ভূঞা)

বৰচিলা গাঁও পঞ্চায়ত

সভাপতিঃ বি জে পি (পপী বৰদলৈ) 
আঞ্চলিক সদস্যঃ বি জে পি (জন)

হাটিযুজূৱা গাঁও পঞ্চায়ত

সভাপতিঃ বি জে পি 
আঞ্চলিক সদস্যঃ কংগ্ৰেছ 

চাবুকধৰা গাঁও পঞ্চায়ত
সভাপতিঃ কংগ্ৰেছ
আঞ্চলিক সদস্যঃ কংগ্ৰেছ