দিল্লীঃ বিবিচিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’লে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষই। দেশৰ সকলো ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পত ৫ বছৰৰ বাবে ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যন চমুকৈ বিবিছি আৰু চেনেলটোৰ দক্ষিণ এছিয়াৰ সাংবাদিক জাষ্টিন ৰাওলাটে ভৰি থ’ব নোৱাৰিব৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় সংৰক্ষণৰ বাবে বনবিভাগৰ আক্ৰমণাত্মক নীতিৰ আধাৰত নিৰ্মিত 'ওৱান ৱৰ্ল্ডঃ কিলিং ফৰ কনজাৰভেছন’ শীৰ্ষক তথ্যচিত্ৰখন বিবিচিয়ে এই পদক্ষেপ ল’বলৈ বাধ্য হৈছে কতৃৰ্পক্ষ।

উল্লেখ্য যে তথ্যচিত্ৰখনত এশিঙীয়া গড়ক সুৰক্ষা দিয়াৰ অজুহাতত অমানৱীয় হত্যা হোৱাৰ ইংগিত দিয়া তথ্যচিত্ৰখনে সমগ্ৰ বিশ্বকে আশ্চৰ্যচকিত কৰিছিল। সুৰক্ষাৰ অজুহাতত যিকোনো লোককে সন্দেহমাত্ৰেই গুলিওৱাৰ ক্ষমতাৰ অপব্যৱহাৰৰ ইংগিতধৰ্মী বিষয়বস্তু চৰকাৰৰ অনুমতি নোলোৱাকৈ প্ৰচাৰ কৰাৰ ফলত ভাৰতৰ চৰকাৰৰ ৰোষত পৰিছিল বিবিচি।

কাজিৰঙা সম্পৰ্কীয় কেতবোৰ ভুল তথ্য সম্বলিত কৰা বুলি অভিযোগ উত্থাপন হৈছিল বিবিচিৰ বিৰুদ্ধে৷ তদুপৰি তথ্যচিত্ৰখন কেন্দ্ৰীয় মন্ত্ৰালয়ৰ অনুমতি অবিহনে সম্প্ৰচাৰ কৰাৰ বাবে মন্ত্ৰালয়ে ৰাওলাটৰ ওপৰত নিষেধাজ্ঞা জাৰী কৰিছিল৷

ব্ৰাঘ্ৰ সংৰক্ষণ প্ৰকল্পৰ তৰফৰপৰা সোমবাৰে ৰাষ্ট্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় আৰু বৈদেশিক পৰিক্ৰমা বিভাগলৈ বিষয়টো পুনৰীক্ষণৰ বাবে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে। এই স্মাৰকপত্ৰখনত কোৱা হৈছে যে বিবিচিয়ে পুৰ্বতে মন্ত্ৰালয়লৈ তথ্যচিত্ৰখনিৰ ভুল সাৰাংশ দাখিল কৰিছিল। তদুপৰি স্মাৰকপত্ৰখনত 'সূৰ্যাস্তৰ পিছত দৃশ্যায়ন’ আৰু 'বিষয়বস্তুৰ ভুল উপস্থাপন’ৰো অভিযোগ সম্বলিত কৰা হৈছে।