ডিজিটেল ডেস্কঃ স্নাতক ডিগ্ৰী লাভৰ পিছত ঘৰত নিৱনুৱা হৈ বহি থাকিবলগীয়া হৈছে। সময় নাযায় নুপুৱাই যেন লাগিছে। পকেটো খালী। চাকৰি বিচাৰি বিচাৰি প্ৰতিদিনে ভাগৰি পৰিছে। এই অৱস্থাৰ পৰা শীঘ্ৰে মুক্তি লাভ কৰিব পাৰে। তাতে যদি ঘৰতে বহি মাহিলি ২৫ হাজাৰ টকা উপাৰ্জন কৰে তেন্তে ক্ষতি কি?

কথাটো ৰেল, বাছ, চহৰৰ দেৱাল বা দৈনিক বাতৰি কাকতৰ বিজ্ঞাপনৰ পৃষ্ঠাত প্ৰকাশিত ভুৱা বিজ্ঞাপনবোৰৰ দৰে নহয়। সাঁচাকৈয়ে ঘৰতে বহি আপুনি উপাৰ্জন কৰিব পাৰে মাহিলি ২৫হাজাৰ টকা পৰ্যন্ত। অৱশ্যে ইয়াৰ বাবে আপোনাৰ কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ সম্যক জ্ঞান থাকিব লাগিব।

এইখিনি জানিলে মাহিলি ঘৰতে বহি ২৫ হাজাৰ টকা পাবলৈ হ’লে আপোনাৰ কাম হ’ব ইণ্টাৰনেটৰ আৱৰ্জনা পৰিষ্কাৰ কৰা। গুগল, ফেচবুক, মাইক্ৰছফটৰ দৰে বৃহৎ প্ৰতিষ্ঠানসমূহৰ দৰে মজলীয়া আৰু ক্ষুদ্ৰ প্ৰতিষ্ঠানসমূহেও এই কামৰ বাবে এতিয়া পাৰ্গত লোকৰ সন্ধান আৰম্ভ কৰিছে। এই পদটোৰ নাম হৈছে 'ৱেব কমেণ্ট মডাৰেটৰ’।

এতিয়া নিশ্চয় আপোনাৰ মনলৈ আহিছে যে এই 'ৱেব কমেণ্ট মডাৰেটৰ’ৰ কাম কি? আপুনি নিশ্চয় প্ৰত্যক্ষ কৰি আহিছে যে প্ৰায় প্ৰতিটো ৱেবছাইটতত মুহূৰ্ততে অলেখ অদৰকাৰী কমেণ্ট, ছবি, ভিডিঅ’সহ নানা অপ্ৰয়োজনীয় বিষয় ভিজিটৰ্ছসকলে আপলোড কৰে। 'ৱেব কমেণ্ট মডাৰেটৰ’ৰ কাম হৈছে এনে অপ্ৰয়োজনীয় কমেণ্ট, ছবি, ভিডিঅ’ আদি প্ৰতিষ্ঠানটোৱে ধৰি দিয়া গাইডলাইন অনুযায়ী ডিলিট কৰা। 

মাইক্ৰ'ছফটৰ সৈতে জড়িত এটি প্ৰতিষ্ঠানৰ এগৰাকী শীৰ্ষ বিষয়াই এই সন্দৰ্ভত কয় যে,  'ৱেব কমেণ্ট মডাৰেটৰ’ৰ কাম কৰি ঘৰত বহিয়েই মাহিলি ১৫ হাজাৰৰ পৰা ২৫ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰি। ভাৰততো বহু যুৱক-যুৱতীয়ে এই কাম কৰিবলৈ আৰম্ভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে।