বিশেষ প্ৰতিবেদনঃ কৰ’না ভাইৰাছে চীন আৰু ইটালীত যি কৰিব নোৱাৰিলে সেয়া কৰি দেখুৱালে ভাৰতত। যি হাৰত আমাৰ দেশৰ লগতে ৰাজ্যখনতো এই ভাইৰাছ অতি বেগেৰে বিয়পি গৈ আছে তালৈ চাই সকলোৱে অধিক সতৰ্ক হোৱাতো একান্তই প্ৰয়োজনীয় হৈ পৰিছে। পৰিতাপৰ কথা এয়ে যে ভাৰতৰ দৈনিক হাজিৰা কৰা লোকসকলৰ ওপৰত এই ভাইৰাছৰ আক্ৰমণ অধিক হোৱা দেখা গৈছে।

'ইণ্ডিয়া টুডে’ৰ ডাটা ইন্টেলিজেন্স ইউনিটে আৰম্ভণিতে ১৮০১ জন কৰ’না আক্ৰান্তৰ বিষয়ে কৰা অধ্যয়নত পোহৰলৈ আহিছে বহু উদ্বেগজনক তথ্য। এই অধ্যয়নত এটা কথা স্পষ্ট হৈ পৰিছে যে ভাৰতৰ কম বয়সৰ লোকসকল এই ভাইৰাছৰ দ্বাৰা অধিক সংক্ৰমিত হৈছে। 

ইয়াৰ ভিতৰত ৬০ শতাংশ ৰোগীয়েই ৫০ বছৰৰ তলৰ। অৰ্থাৎ চীন আৰু ইউৰোপত বৃদ্ধ লোকসকল আক্ৰান্ত হোৱাৰ বিপৰীতে ভাৰতৰ যুৱ প্ৰজন্মৰ লোকসকলৰহে কৰ’নাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে। 

অধ্যায়নত কি পোহৰলৈ আহিছে?

ইণ্ডিয়া টুডেৰ অধ্যয়নে সামৰি লোৱা ১৮০১ জন কৰ’না আক্ৰান্তৰ ৩৯১ জন অৰ্থাৎ ২১.৭ শতাংশৰ বয়স ৩০ বছৰৰ পৰা ৩৯ বছৰৰ ভিতৰত। ৩৭৬জন অৰ্থাৎ ২০.8 শতাংশৰ বয়স ২০ৰ পৰা ২৯ বছৰৰ ভিতৰত। 

১৭.৪ শতাংশ আক্ৰান্তৰ বয়স ৪০ৰ পৰা ৪৯ৰ ভিতৰত। ১৩.৩ শতাংশৰ বয়স ৫০ৰ পৰা ৫৯ বছৰ আৰু ২৩.২ শতাংশৰ বয়স ৬০ৰ পৰা ৬৯ বছৰৰ ভিতৰত। ৪.৩ শতাংশৰ আক্রান্তৰ বয়স ৭০ৰ পৰা ৭৯ বছৰ। আনহাতে মাত্ৰ ১.১ শতাংশৰ বয়স ৮০ৰ পৰা ৮৯ বছৰ আৰু কেৱল ০.১ শতাংশৰ বয়সহে ৯০ বছৰৰ অধিক।

শিশুৰ ক্ষেত্ৰত চালে দেখা যায় যে আক্ৰান্ত হোৱা ২.৫ শতাংশ শিশুৰেই বয়স ৯ বছৰৰ তলত। ৰোগবিধত আক্ৰান্ত হোৱাসকলৰ ৫ শতাংশ আকৌ ১০ৰ পৰা ১৯ বছৰৰ ভিতৰৰ শিশু-কিশোৰ।

চীন আৰু ইটালীত কি হৈছিল?

এই দেশ দুখনত দেখা গৈছিল যে দেশৰ বৃদ্ধ সকলকহে কৰ'না ভাইৰাছে সহজে আক্ৰমণ কৰিছিল। কিন্তু ভাৰতত ইয়াৰ বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে। বিশেষজ্ঞসকলে পূৰ্বে ধাৰণা কৰিছিল যে ডেকা চামক এই কৰ’না ভাইৰাছে সহজে সংক্ৰমিত নকৰে। কিন্তু ভাৰতৰ কৰ’না পজিটিভৰ ঘটনাসমূহ অধ্যয়নৰ পিছতে এতিয়া স্পষ্ট হৈ পৰিছে যে ডেকাসকলে ৰোগবিধৰ দ্বাৰা আক্ৰান্ত নহ’ব বুলি ভাবি থাকিলে হিতে বিপৰীতে হৈ পৰাতো নিশ্চিত। অৰ্থাৎ এয়া নিশ্চিত যে ডেকা সকলো এই ভাইৰাছৰ দ্বাৰা সহজে সংক্ৰমিত হৈ পৰে। আনকি ডেকাসকলৰো এই ভাইৰাছৰ আক্ৰমণৰ ফলত গুৰুতৰ সমস্যাই দেখা দিব পাৰে আৰু মৃত্যু পৰ্যন্ত হ’ব পাৰে।

অসমত কি হৈছে?

অসমত এই পৰ্যন্ত কৰ’নাত আক্ৰান্ত হৈছে ২৫জনকৈ লোক। ইয়াৰে সৰহসংখ্যকৰেই বয়স ৫০ বছৰৰ তলত। NNO-এ অসমৰ ২৫ জন আক্ৰান্তৰ ২১ জনৰেই বয়স লাভ কৰিবলৈ সমৰ্থ হৈছে। এই ২১ জনৰ বয়সলৈ চালে দেখা গৈছে যে অসমতো যুৱচামেই কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। ২১ জনৰ ৫ জন আক্ৰান্তৰেই বয়স ২৫ বছৰৰ তলৰ। আনহাতে ৫০ উৰ্ধৰ আক্ৰান্তৰ সংখ্যা হৈছে মাত্ৰ ৭জন। অৰ্থাৎ ১৪জন আক্ৰান্তই ৫০ বছৰৰ তলৰ। ৫০ বছৰৰ তলৰ যিসকল আক্ৰান্ত হৈছে সেইসকলৰো অধিকাংশৰেই বয়স ৩০ৰ পৰা ৪০ৰ ভিতৰত। বাকী ৪ জনৰ বয়স নিশ্চিতকৈ জানিব পৰা নগ’লেও তেওঁলোকৰ বয়সো ৪০-৪৫ৰ ভিতৰত বুলি কেবাটাও সূত্ৰই আমাক জনাইছে।

চিকিৎসকে কি কয়?

ট্ৰুড’ ইনষ্টিটিউট ইন নিউয়ৰ্ক শিক্ষা প্ৰতিষ্ঠানৰ মুখ্য নিৰীক্ষক ভাইৰাছ এক্সপাৰ্ট ডাঃ প্ৰিয়া লুথুৰাই জানিবলৈ দিয়া মতে বিশ্বৰ সকলো দেশলৈ মন কৰিলে দেখা গৈছে যে ৫০ উৰ্ধৰ বয়সৰ লোকসকলৰ বাবে এই ভাইৰাছ অধিক বিপদজনক। তেওঁ আৰু কয় যে কেৱল ৫০ উৰ্ধৰ লোকৰ বাবেই নহয় সকলো বয়সৰ মানুহৰ বাবেই ভাইৰাছবিধ বিপদজনক। 

এই ভাইৰাছটো ইমানেই আশ্চৰ্যকৰ যে কোনো ব্যক্তি সাংক্ৰমিত হোৱাৰ পাছতো কেতিয়াবা লক্ষণসমূহ বহু দিনলৈ দেখা নিদিয়ে। ভাইৰাছৰ সংক্ৰমণৰ লক্ষণ দেখা নাপালেও কিন্তু ভাইৰাছবিধ  আন লোকলৈ বিয়পি গৈয়েই থাকে। সেইবাবেই এই ৰোগবিধৰ পৰা হাত সাৰি থাকিবলৈ ছ’চিয়েল ডিছটেন্সিঙৰ অতি প্ৰয়োজন বুলিও মন্তব্য কৰে ডাঃ প্ৰিয়াই।

ডাঃ লথুৰাই আৰু কয়, 'কম বয়সৰ বাবেই আপুনি অজেয় হৈ পৰা নাই। হ’ব পাৰে যুৱ প্ৰজন্মৰ মৃত্যুৰ ভয় কম, যি ভয় বয়োজ্যেষ্ঠসকলৰ মাজত অধিক। কিন্তু সংক্ৰমিত হবই। এটা ৰাতিৰ কথা ভাবিয়েই বয়স ভেদে কাৰ সংক্রমণ হ’ব, কাৰ নহ’ব সেয়া কোৱা সহজ নহয়।’

ইটালী, স্পেইন আৰু আমেৰিকাৰ পৰা অহা খবৰ মতে টিনএজৰ তুলনাত যুৱকসকলক হাস্পিতালত ভৰ্তি কৰাটোত ভয় অধিক হৈ পৰিছে বুলিও তেওঁ জনায়। 'আমেৰিকাত বয়সীয়ালসকলতকৈ যুৱক-যুৱতীসকলৰ বাবে আই চি ইউৰ প্ৰয়োজন হৈছে। মৃত্যুৰ ভয় কম হৈছে যদিও মৃত্যু হৈয়েই আছে। মই ডাঠি কম যে ভাৰতে যদি সূক্ষ্ম ভাৱে পৰ্যবেক্ষণ কৰে একেই ৰূপ দেখিবলৈ পাব।’-ডাঃ প্ৰিয়াই কয়। 

পুৰুষ নে মহিলাৰ বাবে অধিক বিপদজনক?

'ইণ্ডিয়া টুডে’ৰ অধ্যয়ত দেখা গৈছে যে ১৮০১ জন কৰ’না ভাইৰাছ আক্রান্তৰ ৭৩ শতাংশই পুৰুষ আৰু ২৭ শতাংশ নাৰী। নাৰীৰ ক্ষেত্ৰত ২০ৰ পৰা ২৯ বছৰৰ সৰ্বাধিক আক্ৰান্ত হৈছে। ২০ৰ পৰা ২৯ বছৰৰ প্ৰায় ১১০ গৰাকী মহিলা আক্ৰান্ত হৈছে এই ৰোগত। দ্য গাৰ্ডিয়ানৰ এক প্ৰতিবেদনোত কোৱা হৈছিল যে নাৰীসকলতকৈ পুৰুষসকল কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। উক্ত বাতৰিটো পঢ়িবৰ বাবে ইয়াতে ক্লিক কৰিব পাৰে।

উল্লেখ্য যে, ইণ্ডিয়া টুডেই এই অধ্যয়ন ২ এপ্ৰিললৈকে আক্ৰান্ত হোৱাসকলৰ তথ্যৰ আধাৰত কৰিছে। এই বাতৰি যুগুতোৱা পৰলৈকে ভাৰতত কৰ’না আক্ৰান্তৰ সংখ্যাই ৩০০০ৰ সীমা অতিক্ৰম কৰিছে আৰু মৃত্যু হৈছে ৮০ জনৰো অধিক লোকৰ। আক্ৰান্তসকলৰ ১০০০ ৰো অধিক লোকেই ভাগ লৈছিল দিল্লীৰ নিজামুদ্দিনৰ তবলীগ জামাতত।