তিনিচুকীয়াঃ ছোৱালীজনীৰ নাম সুমিত্ৰা ভূমিজ৷ সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুমিত্ৰাই দ্বিতীয় বিভাগত মুঠ ৫৫.৬৭ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈছে৷ নম্বৰ আৰু শতাংশৰ জোখেৰে বৰ্তমান সময়ত যি উন্নতমানৰ ফলাফল তাৰ তুলনাত দ্বিতীয় বিভাগ আৰু ৫৫.৬৭ শতাংশ নম্বৰ শৈক্ষিক সফলতাৰ মাপকাঠী নিশ্চয়কৈ নহয়৷ কিন্তু কিশোৰীগৰাকীৰ জীৱন কাহিনীয়ে বহুতকে যে অনুপ্ৰেৰণা যোগাব সেয়া নিশ্চিত৷

পঞ্চম শ্ৰেণীত পঢ়ি থাকোতেই সুমিত্ৰাৰ দুৰ্ঘটনাবশতঃ বাওঁহাতখন সম্পূৰ্ণৰূপে জ্বলি গৈছিল৷ সেই তেতিয়াৰেপৰা তাই এখন হাতেৰে চাইকেল চলাই বিদ্যালয়লৈ অহা-যোৱা কৰিছিল৷ কেৱল বাওঁহাতখন জ্বলি যোৱাতেই সুমিত্ৰাৰ দুৰ্ভাগ্যৰ কাহিনী অন্ত পৰা নাছিল৷ আজিৰপৰা দহ বছৰৰ আগতে নিৰুদ্দিষ্ট হৈছিল সুমিত্ৰাৰ মানসিক বিকাৰগ্ৰস্ত দেউতাক৷ ইমানেই নহয়, সুমিত্ৰাৰ দেউতাকৰ বংশৰ নিকট আত্মীয় এজনো সদস্য জীয়াই থকা নাছিল৷

সেই তেতিয়াৰেপৰা সুমিত্ৰাই আইতাকৰ ঘৰত মাকৰ সৈতে বসবাস কৰিছিল৷ মাক আছিল বৰহাপজানৰ নিকটৱৰ্তী শিলিখা চাহ বাগিচাৰ পাত তোলা সাধাৰণ বনুৱা৷ শিলিখা চাহ বাগিচাৰ এটা জৰাজীৰ্ণ ঘৰত বাস কৰা সুমিত্ৰাই এখন হাতেৰে চাইকেল চলাই তেনেকৈয়ে পঢ়া-শুনা কৰি লংছোৱাল উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুমিত্ৰাই দ্বিতীয় বিভাগত মুঠ ৫৫.৬৭ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈছে৷

৭ বাৰকৈ মেট্ৰিক দি উত্তীৰ্ণ হৈছিল সুমিত্ৰাৰ নিৰুদিষ্ট পিতৃ

সুমিত্ৰাৰ দেউতাকৰো ইতিহাস ৰোমাঞ্চকৰ৷ পঢ়া-শুনাৰ কোনো পৰিৱেশ নথকা সাধাৰণ চাহ জনগোষ্ঠীয় লোকৰ ঘৰত জন্ম লাভ কৰা সুমিত্ৰাৰ দেউতাক অনিল ভূমিজ আছিল শিলিখা চাহ বাগিচাৰ প্ৰথমজন মেট্ৰিক পাছ কৰা চাহ জনগোষ্ঠীয় ব্যক্তি৷ উল্লেখ্য যে অনিল ভূমিজৰ সেই শৈক্ষিক সফলতা একেদিনাই অহা নাছিল৷ সাতবাৰকৈ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছতহে অনিল ভূমিজে মেট্ৰিকৰ দেওনা অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল৷ 

বাৰে বাৰে বিফলতাৰ বোজা কঢ়িওৱাৰ পিছতো অনিল ভূমিজে নিজৰ ধৈৰ্য, একাগ্ৰতা হেৰুওৱা নাছিল৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে পৰৱৰ্তী সময়ত তেওঁ মানসিক ভাৰসাম্য হেৰুৱাই নিৰুদ্দেশ হৈছিল আজিৰপৰা প্ৰায় দহ বছৰৰ আগতে৷

অনুত্তীৰ্ণ বন্ধুক উত্তীৰ্ণ কৰি তোলাৰ প্ৰয়াস!

সংগ্ৰামী জীৱনৰ মাজতে সুমিত্ৰা ভূমিজে কঢ়িয়াই ফুৰিছে ব্যক্তিত্ব আৰু মানৱীয়তাৰ এক অন্যন্য নিদৰ্শন৷ যি সময়ত আঢ্যৱন্ত ঘৰৰ সন্তানে পৰীক্ষাত সফল হোৱাৰ আনন্দত লগৰ-সমনীয়া, চুবুৰীয়া, আত্মীয়-কুটুম্বক মিঠাই বিলায়, সেইখিনি সময়ত সুমিত্ৰাই নিজৰ ফলাফলত উৎফুল্লিত হৈ স্ফূৰ্তি কৰাৰ বিপৰীতে সদ্যঘোষিত ফলাফলত অনুত্তীৰ্ণ হোৱা বন্ধু এজনৰ বাবে প্ৰস্তুত কৰি আছিল নোট৷ এনে এগৰাকী সহানুভূতিশীল ছাত্ৰীৰ এনে উদাৰতা আমি বিৰল বুলিব নোৱাৰো নে?

আকাংক্ষা, একাগ্ৰতাৰ দৌৰ কিমান দূৰলৈকে নিৰ্দিষ্ট থাকিলে দ্বিতীয় বিভাগত উত্তীৰ্ণ দুখীয়া, দিব্যাংগ কিশোৰীয়ে বিজ্ঞান বিভাগত পঢ়াৰ আগ্ৰহ প্ৰকাশ কৰিব পাৰে? বাস্তৱত সেয়াই হৈছে সুমিত্ৰাৰ ক্ষেত্ৰতো৷ দ্বিতীয় বিভাগত উত্তীৰ্ণ হ’লেও সুমিত্ৰাই মন মেলিছে বিজ্ঞান বিষয়ত পঢ়াৰ৷ নিজৰ সৰু পঢ়া কোঠালীটোত সুমিত্ৰাই বেৰৰ য’তে ততে লিখি ৰাখিছে অংক আৰু বিজ্ঞানৰ বিভিন্ন সূত্ৰবোৰ৷

এতিয়া সকলোৰে দায়িত্ব এই কিশোৰীগৰাকীক সহায়ৰ হাত আগবঢ়াই দি সপোনবোৰক বাস্তৱত পৰিণত কৰাৰ সুবিধা প্ৰদান কৰাৰ৷ নহ’লে হয়তো কেৱল অৰ্থাভাৱতে হেৰাই যাব সুমিত্ৰাৰ সোণালী সপোন। হেৰাই যাব জীৱনক জয়ী কৰিব খোজা সুমিত্ৰাৰ শুভংকৰ প্ৰয়াস৷