source from internate

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে পুৱা গুজৰাটৰ ভাৱনগড়ত ঘোঘাৰ পৰা ভৰোচলৈ থকা খম্বাটৰ পাৰত সমুদ্ৰ পৰিবহন ৰোল অন ৰোল অফ (ৰো ৰো) ফেৰী সেৱাৰ আঁচনি মুকলি কৰে৷  ফেৰি সেৱাৰ দ্বাৰা এই স্থান সমুহৰ দূৰত্ব ৩১০ কি.মি পৰা সমুদ্ৰ পথেৰে মাত্ৰ ৩০ কি.মি হৈ পৰিব৷

পিএম মোডীয়ে এই ফেৰি সেৱাক নিজৰ সপোনৰ প্ৰজেক্ট বুলি অভিহিত কৰিছে৷  দেওবাৰে  আঁচনি মুকলি কৰি ঘোঘাত ৰাইজক সম্ভাষণ জনাই আৰু ইয়াৰ পিছত জাহাজত উঠি বদোডৰালৈ গৈ ১১৪০ কোটি টকাৰ আঁচনি খনৰ আধাৰশিলা স্থাপন কৰে৷

উল্লেখযোগ্য যে, বৰ্তমানে সৌৰাষ্ট্ৰৰ ঘোঘাৰ পৰা দক্ষিণত থকা দাহেজলৈ মুঠ দূৰত্ব অতিক্ৰম কৰিবলৈ সময় লাগে সাতৰ পৰা আঠ ঘন্টা৷ কিন্তু এই ফেৰি সেৱা আৰম্ভ হ’লে এই দূৰত্ব মাত্ৰ এক ঘন্টাতে কৰিব পৰা যাব৷