তেজপুৰঃ নাটক সমুহ এতিয়া কৰো বুলি কৰিব নোৱাৰা হলো। কাৰণ ভ্ৰাম্যমানৰ নাটকৰ লিখোটাৰ সংখ্যা কমি অহাৰ বাবে প্ৰয়োজন ভাৱে চৰিত্ৰ অভিনয় কৰিব নোৱাৰা হলো, এনেদৰে ছবি জগতৰ অভিনেতা নাট্যকাৰ তপন দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷

বৰ্তমান অসমীয়া ছবিজগত তথা থিয়েটাৰত কাম কৰাসকলে দৰ্শকৰ বাবে মনোৰঞ্জন প্ৰেৰণ কৰে যদিও পুঞ্জিৰ অভাৱত অভিনেতা তথা সহসকলে প্ৰাপ্যখিনিও নাপায়৷ যাৰ বাবে পৰিয়ালৰ পোহপাল তথা আৰ্থিকভাৱে কষ্ট জীৱন অতিবাহিত কৰিব লগা হয়৷
  
সেই সন্দৰ্ভত তপন দাসে কয় যে ভ্ৰাম্যমান থিয়েটাৰ সমুহে দৰ্শকক মনোৰঞ্জন দিয়াৰ বাবে যিকোনো ধৰণৰ নাটক কৰে। নাটক সমুহত সমাজৰ দায়বদ্ধতাৰ কথা কিমান চিন্তা কৰে সেয়া ডাঙৰ কথা নহয়। ডাঙৰ কথা ৰাইজক মনোৰঞ্চন দি ব্যৱসায় চলোৱাহে ডাঙৰ কথা। 

দাসে লগতে কয় যে বৰ্তমান সময়ত ভ্ৰাম্যমান জগতত নাট্যকাৰৰ সংখ্যা কমিছে৷ কেইজন মান লোকেই নাটক লিখি ভ্ৰাম্যমান জগতৰ বাবে নাটক চলাই আহিছে। দশৰ্ক বা ৰাইজৰ ৰুচি পুৰণৰ বাবে নাটক কৰি অভিনয় কৰো যদিও সমাজৰ বাবে কি কৰিব পাৰো সেয়া ডাঙৰ কথা নহয় বুলি কয়৷ ভ্ৰাম্যমান জগতৰ দলসমুহে ব্যৱসায় ওপৰত গুৰুত্ব দি ভ্ৰাম্যমান জগতৰ জৰিয়তে অসংখ্য পৰিয়াল পৰিচালনা কৰি আহিছে। অসম চৰকাৰৰ বাজেটত ভ্ৰাম্যমান দলসমুহৰ বাবে যি আঁচনি গ্ৰহণ কৰিছে নিশ্চয় ই ভাল খবৰ বুলি উল্লেখ কৰে অভিনেতগৰাকীয়ে।