newsnextoneতেজপুৰ ৯অক্টোবৰঃ শাৰদীয় দূৰ্গাপূজালৈ মাজত মাথো কেইদিনমান বাকী আছে।এতিয়া সমগ্ৰ ৰাজ্যতে উৎসৱমূখৰ পৰিবেশ।এনে ক্ষেত্ৰত তেজপুৰ চহৰো ব্যতিক্ৰম নহয়।এই শাৰদীয় পূজাৰ বতৰতে তেজপুৰত ৰাইজৰ বাবে মুকলি কৰা হয় এখন পৰম্পৰাগত  খাদ্যৰ ৰেষ্টুৰেণ্ট,নাম ‘‘চিংফৌ’’। তেজপুৰ চহৰৰ কেতেকীবাৰীত মুকলি কৰা চিংফৌ ৰেষ্টুৰেণ্টখনৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্হিত থাকে অসমৰ জনপ্ৰিয় গায়ক ভৃগু কাশ্যপ। শাৰদীয় পূজাৰ বতৰত সমগ্ৰ অসমবাসীক শাৰদীয় দূৰ্গাপূজাৰ শুভেচ্ছা জনোৱাৰ লগতে  চিংফৌৰ খাদ্য খাবলৈ সকলো ৰাইজকে নিমন্ত্ৰণ জনায় জনপ্ৰিয় গায়কজনে।
তেজপুৰৰ পৰা মনিমালা বৰা