নলবাৰীঃ জন্মৰ ৪ বছৰ পূৰ্বে গহপুৰত জাতীয় পতাকা উত্তোলন কৰিছিল বীৰাংগনা কনকলতাই। এই ভুল তথ্য সন্নিৱিষ্ট কৰা হৈছে বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় শিক্ষা সংস্থানে প্ৰকাশ কৰা শিশু শিক্ষা সমিতিৰ পাঠ্যপুথিত।

সমিতিৰ অসম প্ৰকাশন ভাৰতীৰ দ্বাৰা প্ৰকাশিত চতুৰ্থ শ্ৰেণীৰ "সমাজ বিজ্ঞান" বিষয়ত এই ভুল তথ্যৰে দেশৰ স্বাধীনতা সেনানী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিক চৰম অপমান কৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীকো বিমোৰত পেলাইছে। 

বিষয়টোৰ ১২ নম্বৰ পাঠৰ "ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু অসম" শীৰ্ষক অধ্যায়ৰ পৃষ্ঠা নং ৮৭ত ১৯২০ চনৰ ২০ ছেপ্টেম্বৰত গহপুৰ, চতিয়া আৰু ঢেকীয়াজুলি থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ গহপুৰত কনকলতা বৰুৱা, মুকুন্দ কাকতি আৰু ঢেকীয়াজুলি থানাত আন এঘাৰজনে প্ৰাণ আহুতি দিব লগা হৈছিল বুলি বিভ্ৰান্তিকৰ তথ্য সন্নিৱিষ্ট কৰা হৈছে।

লক্ষণীয়ভাৱে ২০১৪ আৰু ২০১৫ বৰ্ষৰ নৱেম্বৰ মাহত প্ৰকাশিত প্ৰথম আৰু দ্বিতীয় সংস্কৰণত একেইখিনি ভুল তথ্য প্ৰকাশ পোৱাৰ পিছতো সমিতিয়ে ভুল সংশোধন নকৰাকৈয়ে পুনৰ ২০১৬ বৰ্ষৰ নৱেম্বৰ মাহতো ছাত্ৰ-ছাত্ৰীৰ বাবে বিষয়টোৰ তৃতীয় সংস্কৰণ মুকলি কৰি দিয়া কাৰ্যই কাৰ্যতঃ শিশু শিক্ষা নেতৃত্বৰ কাণ্ডজ্ঞানহীনতাৰ পৰিচয় দিছে।

উল্লেখ্য যে, কনকলতা বৰুৱাৰ জন্ম হৈছিল ১৯২৪ চনৰ ২২ ডিচেম্বৰত। ইয়াৰ বিপৰীতে মুকুন্দ কাকতিৰ জন্ম হৈছিল ১৯১৯ চনত। বাৰম্বাৰ আঙুলিয়াই দিয়াৰ পিছতো একেটা ভুলৰে পুনৰাবৃত্তি কৰি এনেদৰে দেশৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসক বিকৃত তথ্যৰে ছাত্ৰ-ছাত্ৰীৰ আগত উপস্থাপন কৰা শিশু শিক্ষা সমিতিৰ চকু মেল খাবনে??