নতুন দিল্লীঃ প্ৰতিদিনে কৰ’নাই নিজেই ভাঙিছে নিজৰেই একাধিক অভিলেখ। দিন যোৱাৰ লগে লগে ভবাতকৈয়ো অধিক হাৰত বাঢ়িবলৈ লৈছে আক্ৰান্তৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত কৰ’নাৰ ফলত মৃত্যু হোৱা লোকে অতিক্ৰম কৰিছে আৰম্ভণিৰে পৰা আজিলৈ এদিনতে মৃত্যু হোৱা লোকৰ সৰ্বোচ্চ সংখ্যা। একেদৰে আক্ৰান্তৰ গঢ়িছে নতুন অভিলেখ।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ৰ বুলেটিন অনুযায়ী যোৱা ২৪ ঘণ্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৩৯০০ জন। ইয়াৰ লগে লগে একেকোবে আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৪৬,৪৩৩ জন। এই সময়ছোৱাত মাৰাত্মক ভাইৰাছবিধত প্ৰাণ হেৰুৱাইছে ১৯৫ জন লোকে। ফলত দেশত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বাঢ়ি হৈছেগৈ ১৫৬৮ জন।

স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছে যে বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩২,১৩৪ জন। সুস্থ হৈ ঘৰলৈ উভতিছে ১২,৭২৭ জন। আৰোগ্য হাৰ এই পৰ্যন্ত ২৭.৪ শতাংশ। আৰোগ্যৰ এই হাৰক লৈয়ে সন্তুষ্টি লৈ অহা দেখা গৈছে চৰকাৰক।

ইফালে, সোমবাৰৰ পৰা আৰম্ভ হোৱা তৃতীয় পৰ্যায়ৰ লকডাউন কিছু শিথিল কৰাৰ সময়তে দেশত এনেদৰে কৰ’না ৰোগীৰ সংখ্যা বাঢ়িবলৈ লোৱাত উদ্বিগ্ন হৈ পৰিছে মহামাৰী বিশেষজ্ঞ আৰু স্বাস্থ্য বিশেষজ্ঞসকল। এইমছৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক তথা মহামাৰী বিশেষজ্ঞই কৈছে যে ভাৰতত জুন মাহত কৰ’নাই সৰ্বোচ্চ সীমা পোৱাৰ সম্ভাৱনা আছে।

সোমবাৰৰ দৰেকৈ আজিও সমসংখ্যক লোক আক্ৰান্ত হ'লে কাইলৈকে ভাৰতত আক্ৰান্তৰ সংখ্যাই ৫০ হাজাৰ অতিক্ৰম কৰিব বুলিও মন্তব্য কৰিছে বিশেষজ্ঞগৰাকীয়ে। তেওঁ কয় যে, লকডাউনে সংক্ৰমণৰ 'পিক টাইম'টোহে বিলম্ব কৰিছে, ভাইৰাছবিধৰ পৰা মুক্ত কৰা নাই আৰু পৰ্যাপ্ত টেষ্ট, কোৱাৰেণ্টাইন অবিহনে সেয়া কৰাতো সম্ভৱো নহয়।