বিহালীঃ বিহালী গাংমৌ ৰিজৰ্টৰ অতিথিশালাত সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিশ্বনাথ জিলা সমিতি আৰু সদৌ অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে যৌথভাৱে এক সংবাদমেল সম্বোধন কৰে৷

সংবাদমেলত সংগঠনদ্বয়ে সমাগত পঞ্চায়ত নিৰ্বাচনত বিহালী সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তৰ গৃহ সমষ্টিৰ বৰগাং জিলা পৰিষদৰ বি জে পি দলৰ প্ৰাৰ্থী গৰাকী এক অপৰাধী বুলি অভিযোগ উত্থাপন কৰে ৷ সংবাদমেলত বৰগাং জিলা পৰিষদৰ বি জে পি দলৰ প্ৰাৰ্থী ৰঞ্জনজ্যোতি দাসে বিগত ২০১২ চনৰ ১৫ জানুৱাৰী তাৰিখে বিহালী আৰক্ষী থানাৰ অন্তৰ্গত টেলেঙনীয়া গাঁৱৰ দৰিদ্ৰ নিবাসী লক্ষ্যধৰ দাসৰ উৰুখা পঁজাটো সন্ধ্যা প্ৰায় ৫ বজাত নিজহাতে জুই জ্বলাই দিছিল ৷

মাঘৰ বিহুৰ দিনা বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জনজ্যোতি দাসে দৰিদ্ৰ সাধাৰণ লোকজনৰ বাসগৃহটোৰ সমস্ত সা-সম্পতি বাহিৰলৈ আনি লগত আন ৯ জন লোকৰ সহযোগত জুই জ্বলাই প্ৰায় ৩ লাখ টকা ক্ষতি কৰিছিল ৷ যাৰ পৰিণতিত বিগত ২০১২ চনৰপৰা আজিৰ দিনটোলৈকে প্ৰায় ৬ বছৰ ধৰি লক্ষ্যধৰ দাসৰ পৰিয়ালটো অঘৰী দৰে বিভিন্নজনৰ ঘৰত নিশা কটাই জীৱন যাপন কৰি আহিছে ৷ এই ঘটনাৰ সন্দৰ্ভত ভূক্তভূগী লক্ষ্যধৰ দাসৰ এজাহাৰৰ ভিত্তিত বিহালী আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধি আইন ১৪৭/১৪৮/১৪৯/৪৪৮/৪৩৬/৪২৭/৩২৩/৫০৬ ধাৰাত গোচৰ পঞ্জীয়ন হৈ বৰ্তমানো আদালতৰ মজিয়াত চলি আছে গোচৰ প্ৰক্ৰিয়া৷

এজন সাধাৰণ দিন হাজিৰা কৰি কোনো প্ৰকাৰে দুবেলা দুমুঠি পেটৰ ভাত মোকলাই অহা লোক জনৰ বাসগৃহ জ্বলোৱাৰ দৰে অতিজঘন্য অপৰাধত জড়িত অপৰাধীক জিলা পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা কাৰ্যটোক অগনতান্ত্ৰিক কাৰ্য বুলি মন্তব্য কৰে সংগঠনদ্বয়ে ৷ তেনে এগৰাকী সামাজিক ব্যাধি স্বৰূপ লোকক শূন্যসহনশীল দুৰ্নীতিৰ কথা কোৱা বি জে পি দল-চৰকাৰে বিহালীৰ বৰগাং জিলা পৰিষদৰ দৰে এক সন্মানজনক পদত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থিত্ব বাতিল কৰি বি জে পি দলৰ নিকা, স্বচ্ছতাৰ পৰিচয় দিবলৈ দাবী জনাই সংগঠনদ্বয়ে ৷
 আনহাতে, জাতি, মাটি,ভেটিৰ শ্ল'গান দি ৰাজ্যৰ শাসনভাৰলৈ অসম আৰু অসমীয়াক নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহিত কৰি জাতিটোক ধ্বংস কৰিব বিচৰা চক্ৰান্ত ৰোধ কৰিৱলৈ হ'লে  সমাগত পঞ্চায়ত নিৰ্বাচনত বি জে পিৰ প্ৰাৰ্থীক ভোট নিদিবলৈ আহ্বান জনায় ৷ লগতে সংগঠনদ্বয়ে কই যে, এই নিৰ্বাচনত বি জে পি দলক ভোট দিয়ামানে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহিতৰ পক্ষত ৰায় প্ৰদান কৰা হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি বি জে পি বৰ্জনৰ আহ্বান জনায় ৷

ইফালে, সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সম্পাদক টুলটুল দাসে সংবামেলত কই যে, বিহালীত শাসকীয় দলৰ ক্ষমতা প্ৰয়োগৰে কংগ্ৰেছ দলৰ নিষ্প্ৰভতাৰ সুযোগলৈ বিহালীত বি জে পি দলে প্ৰমূল্যবোধৰ ৰাজনীতিক ভূ-লুন্ঠিত কৰি চূড়ান্ত লেতেৰা ৰাজনীতি কৰিছে ৷ ইয়াৰ ওপৰিও সংবাদমেলত টুলটুল দাসে উত্থাপন কৰে এক চাঞ্চল্যকৰ অভিযোগ ৷ বিহালী সমষ্টিৰ চেৰেলীয়া গাঁও পঞ্চায়তৰ বি জে পি দলৰ প্ৰাৰ্থী বিকু কেওঁটে ইতিমধ্যে কংগ্ৰেছ দলৰ সকলো প্ৰাৰ্থিত্বৰ মনোনয়ন পত্ৰ বাতিল হোৱাত বিনা প্ৰতিন্দ্বিতাৰে বিজয় হৈছে৷ কিন্তু বি জে পিৰ প্ৰাৰ্থী বিকু কেওঁটৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ-পত্ৰ জালিয়াতি থকাৰ অৱকাশ আছে৷

সেয়ে বিশ্বনাথ জিলা প্ৰশাসন তথা নিৰ্বাচনী বিষয়াই চেৰেলীয়া গাঁও পঞ্চায়তৰ বি জে পি দলৰ প্ৰাৰ্থী গৰাকীৰ শিক্ষাগত অৰ্হতাৰ প্ৰমান-পত্ৰ পৰীক্ষাৰ দাবী উত্থাপন কৰে ৷ সিফালে, ছাত্ৰ মুক্তিৰ জিলা নেতা টুলটুল দাসে সংবাদমেলত কই যে পৰিৱৰ্তনকামী চৰকাৰৰ দিনত আঢ়ৈ বছৰত বিহালীত এম জি এনৰেগা আঁচনি ৰূপায়নৰ নামত প্ৰায় ১ কোটি ৩০ লাখ টকাৰ বিয়োগোম দুৰ্নীতি সংঘটিত হৈছে ৷

এম জি এনৰেগাৰ ৱেজৰ ধন একাংশ গেৰুৱা বাহিনীৰ পালি নেতাই গো-গ্ৰাসে আঁচনি ৰূপায়নৰ নামত ব্যাপক লুন্ঠন চলাইছে ৷ সমান্তৰালভাৱে, বিহালীৰ ১৭ খন গাঁও পঞ্চায়তে বিগত সময়ছোৱাত চতুৰ্দশ বিত্তীয় পুঁজিৰ কোটি কোটি টকাৰ ধন ৰাশি ব্যৱহাৰৰ নামত সংঘটিত কৰিছে ব্যাপক লুন্ঠন৷

এয়াই পৰিৱৰ্তনৰ নামত বিহালী বি জে পিৰ পৰিৱৰ্তনৰ নমুনা বুলি মন্তৱ্য কৰে ৷ তদুপৰি, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সভাপতি সিংহজিৎ হাজৰিকাই সংবাদ মেলত কই যে বিহালীৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিৎ দত্তৰ আঢ়ৈ বছৰত বিহালীত নিবনুৱা সমস্যা, কৃষক সমস্যা, হস্তী মানুহৰ সমস্যা, বাট-পথৰ উন্নয়ন আশা কৰা ধৰণে উন্নত হৈ নুঠিল ৷

উন্নয়নৰ নামত বি জে পি নেতা-কৰ্মীৰ পকেট গৰম হে মাথোন হ'ল বুলি কটাক্ষ কৰে৷