ডিজিটেল ডেস্কঃ  বিহাৰৰ বিজেপিৰ অন্যতম নেতা নিত্যানন্দ ৰায়ে কিছুদিন আগতেই কৈছিল, মোডীৰ বিৰুদ্ধে যিয়ে আঙুলি বা হাত উঠাব তাৰে হাত কাটি দিয়া হ’ব। এই কথাৰ প্ৰতিউত্তৰ দি আন এক বিতর্কিত মন্তব্য কৰে বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী ৰাবড়ি দেৱীয়ে। তেওঁৰ দাবী, বিহাৰৰ অনেকেই হেনো প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ গল আৰু হাত কাটিবলৈ সাজু হৈ আছে।

মঙ্গলবাৰে RJD-ৰ জাতীয় পৰিষদৰ বৈঠকত দশমবাৰৰ বাবে জাতীয় সভাপতি হিচাপে মনোনীত হয় লালু প্রসাদ যাদব। সেই বৈঠকতেই লালু-পত্নীয়ে কয়, কেইবাজনেও বিজেপি নেতাই মন্তব্য কৰে যিয়ে প্রধানমন্ত্রীৰ বিৰুদ্ধে আঙুলি তুলিব, সেই ব্যক্তিৰ আঙুলি কাটি দিব। কিন্তু বিহাৰৰ মানুহৰ আঙুলি কটাতো ইমান সহজ নহয়। বিহাৰ মানুহে কেতিয়াও মনে মনে নাথাকে। ওলোটাই মোডীৰ হে হাত আৰু গল কাটিবলৈ সাজু বিহাৰবাসী। দেশৰ ৰাজনীতিত যিদৰে মোডী চৰ্চিত আৰু জনপ্ৰিয়, তেনেদৰে বিহাৰত জনপ্ৰিয় লালু-ৰাবৰী দেৱী।

উল্লেখ্য যে, নৰেন্দ্ৰ মোডী দলৰ সকলোৰে প্ৰিয় বাবেই শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ সাজু হৈ থাকে নেতা-কৰ্মীয়ে। কিন্তু বিহাৰ বিজেপিৰ এগৰাকী নেতাই সকলো সীমা চেৰাই যায় মোডীক সুৰক্ষা দিয়াৰ স্বাৰ্থত। মোডীৰ  বিৰুদ্ধে যিয়ে আঙুলি টোৱাই কথা কোৱা লোকৰ আঙুলি কাটি দিয়াৰ নিৰ্দেশ দিছিল যোৱা কালি।

বিহাৰ বিজেপিৰ প্রধান নিত্যানন্দ ৰাইয়ে। সোমবাৰে এই নির্দেশ দিছিল দলীয় নেতা-কৰ্মীক। মোডীৰ বিৰুদ্ধে যিয়ে আঙুলি বা হাত উঠাব তাৰে হাত কাটি দিয়াৰ বাবে দলীয় কর্মীক নির্দেশ দিছিল বিজেপি নেতাগৰাকীয়ে। 

বিহাৰৰ উজিয়াৰপুৰ লোকসভাৰ সাংসদ নিত্যানন্দ ৰাইয়ে বৈশ্য আৰু কানু সম্প্রদায়ৰ এক অনুষ্ঠানত কৈছিল 'যেতিয়া নৰেন্দ্ৰ মোডীক মাতৃয়ে খাবলৈ দিব পৰা নাছিল, তেতিয়া মাকে সেই অৱস্থা সহ্য কৰিব পৰা নাছিল আৰু মোডীও মাকৰ সেই অৱস্থা দেখি সহ্য কৰিব পৰা নাছিল। সেই অৱস্থাৰ পৰাই উঠি আহি আজি তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হৈছে'।

প্রত্যেক নাগৰিকেই তেওঁৰ বাবে গর্ববোধ কৰা উচিত, আৰু সেই জন প্রধানমন্ত্রীৰ বিৰুদ্ধে যদি কোনোৱে আঙুলি নতুবা হাত উঠাই তেতিয়া হয়তো সেয়া ভাঙি দিবলৈও কুন্থাবোধ নকৰিব, প্ৰয়েজন হ’লে কাটিও পেলাব সেই হাত বুলিও কয়।