ডিজিটেল ডেস্কঃ বিহাৰৰ ২ বিধান সভা সমষ্টি আৰু ১টা লোক সভা সমষ্টিত অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচনৰ বুধবাৰে ভোটগণনা অনুষ্ঠিত হয়৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আৰাৰিয়া লোকসভা আৰু জাহানাবাদ আৰু ভবুৱা বিধান সভা সমষ্টিৰ পুৱাৰে পৰা ভোট গণনা অনুষ্ঠিত হয়৷ জাহানাবাদ বিধান সভা সমষ্টিত আৰজেডিৰ সুদয় যাদৱ আৰু আৰৰিয়া লোক সভা সমষ্টিত আৰজেডিৰ চৰফৰাজ আলম বিজয়ী হয়।

লালু প্ৰসাদ যাদৱৰ দল আৰজেডিয়ে আৰৰিয়া লোক সভা সমষ্টি আৰু ভবুৱা সমষ্টি দখল কৰিবলৈ সক্ষম হয়। আৰৰিয়া লোক সভা সমষ্টিত আৰজেডিৰ প্ৰাৰ্থী চৰফৰাজ আলম ৫৭,৩৫৮টা ভোটৰ ব্যৱধানত বিজয়ী হয়। আনহাতে ভবুৱা বিধান সভা সমষ্টিত বিজেপিৰ প্ৰৰ্থী ৰিংকী ৰাণী পাণ্ডেই ১৫ হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী হয়। ফলাফল ঘোষণাৰ পিছতেই পাটনাত আৰজেডিৰ নেতা কৰ্মী আবতৰীয়া হোলী খেলিবলৈ ওলাই আহে।

হোলী খেলি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় আৰজেডিৰ নেতা-কৰ্মী। পুৱাই প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডৰ পৰাই আৰৰিয়া লোক সভা সমষ্টিত আৰজেডিৰ প্ৰাৰ্থী চৰফৰাজ আলম, জাহানাবাদ বিধান সভাত আৰজেডিৰ সুদয় যাদৱ আৰু ভবুৱা বিধান সভা সমষ্টিত বিজেপিৰ ৰিংকী ৰাণী পাণ্ডে আগবাঢ়ি আছিল৷

ভোটগণনা পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হৈছিল৷ জাহানাবাদ বিধান সভা সমষ্টিত ২ লাখ ৮৬ হাজাৰ ৯৮টা ভোটাৰ আছে৷ উপ-নিৰ্বাচনত ১৪গৰাকী প্ৰাৰ্থীয়ে থিয় দিছে আৰু ৫১ শতাংশ লোকে ভোটদান কৰিছিল৷ বিজেপি নেতা আনন্দ ভূষণ পাণ্ডেৰ মৃত্যুত খালী হৈছিল৷

আনহাতে আৰৰিয়া দেশৰ এটি পৰিচিত লোকসভা সমষ্টি৷ সমষ্টিটোত বিজেপি আৰু জেডিইউৰ সৈতে আৰজেডিৰ প্ৰচাৰ যুদ্ধ চলিছিল। বিজেপিৰ নেতা প্ৰদীপ সিং প্ৰাৰ্থী হিচাপে থিয় দিছিল যদিও মূল যুজখন বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱৰ মাজত হোৱা পৰিলক্ষিত হয়৷ যোৱা ১১ মাৰ্চত ভোটদান অনুষ্ঠিত হৈছিল৷

বিহাৰৰ বিৰোধী দলপতি তথা লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱে জনসাধৰণক ধন্যবাদ জ্ঞাপন কৰে। বিজেপিক আক্ৰমণ কৰি তেজস্বীয়ে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সুশীল মোডী বহু দুৰ্নীতিত নিমজ্জিত বুলি তদন্ত নকৰাৰ অভিযোগ উত্থাপন কৰে। এতিয়া আমাৰ সন্দেহ হৈছে এই ফলাফলৰ পিছত উত্তৰ প্ৰদেশ আৰু বিহাৰত মোডী, অমিত শ্বাহ, ইডি আৰু চিবিআইৰ তদন্ত দ্ৰুত হ’ব বুলি বিজেপিক আক্ৰমণ কৰে।