ডিজিটেল ডেস্কঃ প্ৰশ্নকাকত ফাদিলেই হওক বা নকল যোগান ধৰাই হওক, দেশৰ শিক্ষা ক্ষেত্ৰখনত বিহাৰৰ নামটো অলপ বদনাম বুলি পৰিগণিত। কিন্তু এনেকুৱা হ’ব পাৰে নে যে ছাত্ৰ-ছাত্ৰী পৰীক্ষা গৃহত বহি আছে আৰু প্ৰশ্নকাকতেই ছপা কৰিবলৈ পাহৰি গ’ল বিশ্ববিদ্যালয় কৰ্তৃপক্ষ।

এনেকুৱাই এটা লজ্জাজনক ঘটনাৰে ছচিয়েল মিডিয়াকে ধৰি দেশৰ সংবাদ মাধ্যমৰ শিৰোনামলৈ আহিছে বিহাৰৰ নাম। অসাৱধানতাৰ নতুন অভিলেখ গঢ়ি ৰাজ্যখনৰ তিলকা মাঝি ভগলপুৰ বিশ্ববিদ্যালয়খনৰ ৯৪ জন ছাত্ৰ-ছাত্ৰীয়ে।

হিন্দী বিষয়ৰ স্নাতকোত্তৰ পৰীক্ষাৰ দ্বিতীয় ষাণ্মাসিকৰ শেষৰটো পৰীক্ষাত বহিব নাপালে পৰীক্ষাৰ্থীয়ে। কিয়নো বিশ্ববিদ্যলয়খনে পৰীক্ষাৰ প্ৰশ্নকাকতেই ছপা কৰিবলৈ পাহৰিলে। উপাচাৰ্যগৰাকীয়ে বিষয়টো সন্দৰ্ভত পৰীক্ষা নিয়ন্ত্ৰক আৰু হিন্দী বিভাগৰ মুৰব্বীজনলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। 

বিশ্ববিদ্যালয়খনৰ হিন্দী বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ স্নাতকোত্তৰ পৰীক্ষাৰ সময় তালিকা মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত মুকলি কৰিছিল। তিনিখন কাকতৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হৈ গ’ল যদিও অন্তিমখন কাকত ছপা কৰিবলৈ ৰৈ যোৱাৰ বাবেই বৃহস্পতিবাৰে পৰীক্ষাত বহিবলৈ নাপালে পৰীক্ষাৰ্থীকেইজনে আচৰিত হৈ পৰীক্ষাগৃহৰপৰা উভতে। 

ছপা কৰিবৰ বাবে প্ৰশ্নকাকত পৰীক্ষা নিয়ন্ত্ৰকৰ হাতত নপৰা বুলি নিয়ন্ত্ৰকজনে জনায়। ইয়াৰ বাবে আকৌ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নতুনকৈ প্ৰৱৰ্তন কৰা চইচ বেচড ক্ৰেডিট চিষ্টেম (চিবিচিএচ) ৰ বাবেই এনে বেমেজালি সৃষ্টি হোৱা বুলি দায় সাৰিব বিচাৰিছে বিভাগটোৰ মুৰব্বী অধ্যাপকজনে।

এতিয়ালৈ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই পৰীক্ষাৰ বাবে নতুন দিন ঘোষণা কৰা নাই।