গুৱাহাটীঃ নায়ক গুছি গ’ল৷ সকলোৰে আপোন নায়ক বিজু গুছি গ’ল অচিনা এখন দেশলৈ৷ বিজু আৰু নাহে আমাৰ কাষলৈ৷ আমাক মিচিকিয়া হাঁহিটোৰে দূৰৰ পৰা চাই থাকিব আমাৰ নায়ক বিজু দাই৷ বিজু দা নাই বুলি কোৱা কথাষাৰ আচলতে হজম কৰিব নোৱাৰি যদিও বিজু দাই যে আমাক এৰি গুছি গ’ল সেয়া চিৰন্তন সত্য৷ মহানায়ক বিজু ফুকনৰ মহা প্ৰস্থান হ’ল ইহ সংসাৰৰ পৰা৷

অসমীয়া ছবি জগতক নতুন গতি দিয়া মহানায়কৰ মহাপ্ৰস্থানত ম্ৰিয়মাণ আজি ৰাজ্যবাসী৷ উজনি-নামনিৰ অসমীয়া জনসাধৰণ শোকস্তদ্ধ হৈ পৰিছে৷ ৰাজ্যৰ দল-সংগঠন, সাহিত্য অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠানে শোক প্ৰকাশ কৰে৷ বুধবাৰে সন্ধিয়া প্ৰায় ৬-১৫ বজাত মহানগৰীৰ এপল’ হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয় বিজু ফুকনে৷ অসমীয়া ছবি জগতক নতুন মাত্ৰা প্ৰদান কৰা বিজু ফুকনে সকলো অসমীয়াক অকালতে এৰি গুছি গ’ল৷ অসমীয়াৰ বাবে এয়া এক অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হৈছে৷ বিজু ফুকনে অসমীয়া জাতিক বহু দিব লগা আছিল৷

যুৱ প্ৰজন্মই তেওৰ পৰা বহু শিকিব লগা আছিল৷ অসমৰ সংস্কৃতিক উজলি তুলিবলৈ নিজৰ কথা কেতিয়াও নাভাবি কেৱল সমাজ খনৰ বাবেই কাম কৰি কৰি আমাৰ মাজৰ পৰা আঁতৰি গ’ল তেও৷ মুঠৰ ওপৰত অসমীয়া জাতিয়ে সংস্কৃতিক উদ্ধাৰৰ বাবে কাম কৰা, সংস্কৃতিক ভাল পোৱা মানুহ এজন হেৰালে৷ লাহ-বিলাহৰ পৰা শতযোজন দূৰত থকা সকলোৰে আপোন বিজুৱে জীৱিত কালত বহু বেয়া দিন পাৰ কৰিছে৷ আৰ্থিক দৈন্যতাত পৰাৰ খবৰো প্ৰচাৰ হৈছিল৷

তথাপিও মুখৰ মিচিকিয়া হাঁহিটোৰে সদায় সকলোৰে হৃদয় জয় কৰিছিল৷ কাৰোৰে বিৰুদ্ধে ক্ষোভ নাছিল তেওৰ৷ জীৱিত কালত উপযুক্ত সন্মান লাভ নকৰা বুলিও ক্ষোভ তেও কাহানিও কৰা নাই৷ নিজৰ চিকিৎসাৰ বাবে বাৰে বাৰে অৰ্থৰ সংকটত পৰি হাহাকাৰ কৰিছে যদিও সেই কথাও কাকোকে কোৱা নাই৷ এইবোৰৰ পৰা তেওৰ নাছিল বিষাদ-বেদনা৷ তেও বাৰে বাৰে সেই হাঁহিটোৰে প্ৰমাণ কৰিছিল তেও সুখী হৈ জাতিৰ হকে কাম কৰি যাব৷ বুধবাৰে চিকিৎসালয়ৰ পৰা তেওৰ মৃতদেহ পাঞ্জাবাৰীৰ বাঘৰবৰীৰ ঘৰলৈ অনা হয়৷ বুধবাৰে নিশাৰে পৰা অগণন গুণমুগ্ধই তেওক শেষ শ্ৰদ্ধাঞ্জলি যাচে৷

বৃহস্পতিবাৰে তেওৰ মৃতদেহ পাঞ্জাবাৰীৰ ঘৰৰ পৰা চলচিত্ৰ বিত্ত নিগমলৈ নিয়া হয়৷ তাৰ পৰা জ্যোতি চিত্ৰবন আৰু ছহিদ ন্যাসলৈ নিয়া হয় আৰু বিভিন্ন লোকে শেষ শ্ৰদ্ধা যাচে মহানায়কক৷ তাৰ পিছতে নৱগ্ৰহ শ্মশানলৈ নিয়া হয় বিজু ফুকনৰ মৃতদেহ৷ ৰাজ্যিক মৰ্যদাৰে অসমৰ ছবি জগতৰ বহু গণ্য-মান্য লোকৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়৷

বিজু ফুকনে অসমীয়া, বঙালী আৰু বড়োকে ধৰি কমেও ৮০খন বোলছবিত অভিনয় কৰি ইতিহাস ৰচনা কৰা তথা চলচিত্ৰ জগতত অসমৰ নাম এক সন্মানীয় আসনত প্ৰতিষ্ঠা কৰা বিজু ফুকন অৱিহনে অসমৰ বোলছবি জগত কল্পনা কৰিবলৈকে টান যদিও আজি বিজু ফুকনৰ মৃত্যুৰ পিছত সেয়াই বাস্তৱ হৈ পৰিছে। ১৯৪৭ চনৰ ১৮ ফেব্ৰুৱাৰীত জন্মগ্ৰহন কৰা বিজু ফুকনে ব্ৰজেন বৰুৱা, ওপজা সোণৰ মাটি, বৰুৱাৰ সংসাৰ, ললিতা, আজলী নবৌ, সূৰ্য্যস্নান, পিতা পুত্ৰ, পাহাৰী কন্যা, মৰম, বোৱাৰী, ঘৰ সংসাৰ আদিকে ধৰি বহু বোলছবিত অভিনয় কৰে৷ সাাংস্কৃতিক জগত চহকী কৰা বিজু ফুকনে ভ্ৰাম্যমান থিয়েটাৰ ক্ৰমে আৱাহন, ভাগ্যদেৱী, লখিমী আদিতো অভিনয় কৰি ভ্ৰাম্যমান থিয়েটাৰক এক নতুন গতি দিছিল।

ইয়াৰোপৰি ভাই ভাই বোলছবিখন নিজে পৰিচালনা কৰিছিল। বহু চৰ্চিত অসমীয়া কথাছবি ডাঃ বেজবৰুৱাৰ পৰা অভিনয়ৰ জগতত পাতনি মেলা বিজু ফুকনে প্ৰায় ৮০ খন ছবিত অভিনয় কৰি অসমৰ ৰাইজৰ আপোন হৈ পৰিছিল৷ বহু চৰ্চিত বৰুৱাৰ সংসাৰ ছবিত অভিনেতা হিচাপে কাম কৰি পিছলৈ উভতি চাব লগা হোৱা নাছিল ফুকনে৷ ইখনৰ পিছত সিখন জনপ্ৰিয় ছবি ৰাইজক উপহাৰ দিছিল ফুকনে। বহু ছবিত নায়কৰ ৰূপত অভিনয় কৰি এগৰাকী জনপ্ৰিয় অভিনেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ফুকনে৷

যোৱা প্ৰায় তিনি বছৰৰ পৰা ৰোগত আকক্ৰান্ত হৈ অভিনয়ৰ পৰা আতৰি থাকিলেও অসমীয়াৰ সদায় আপোন আছিল অভিনেতাগৰাকী৷ বিজু ফুকনে অভিনয় কৰা আজলী নবৌ, বোৱাৰী আদি সৰ্বকালৰ সফল অসমীয়া ছবি আছিল বুলি আজিও চৰ্চিত৷ অসমীয়া বোলছবিৰ লগতে বঙালী ভাষাৰ ছবিতো অভিনয় কৰিছিল ফুকনে। দূৰদৰ্শনৰ বিভিন্ন ছিৰিয়েলটো অভিনয় কৰিছিল তেওঁ। তেওঁ পৰিচালক হিচাপেও আত্মপ্ৰকাশ কৰিছিল।