তেজুঃ আজি কাকপথাৰ আৰু দুলিয়াজানৰ পৰা 15-20 খন বাইকেৰে তেজুলৈ ফুৰিবলৈ গৈছিল যুৱকৰ এটা দল৷ তেজুত এজন স্থানীয়  ব্যক্তিৰ সৈতে দুৰ্ঘটনাত পতিত হয় দলটো৷ 

স্থানীয় এজন লোকজনৰ ঘটনাস্থলীতে মৃত্যু হয়।দুৰ্ঘটনাৰ পিচত উত্তেজিত ৰাইজে প্ৰায় ৫ খনকৈ বাইক জ্বলাই দিয়ে। KTM Duke 200, Yamaha V3 কে ধৰি প্ৰায় ৫ খন বিলাসী বাইক জ্বলাই দিয়ে উত্তেজিত জনতাই । প্ৰায় ১০ জন যুৱক অৰুনাচলৰ তেজুত আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে ৷ 

আবদ্ধ হৈ থকা যুৱক সকল ক্ৰমে ডিব নিচি, ৰিতুৰাজ  নেওঁগ , আকাশ মৰাণ , নয়নমণি গগৈ, নৱজ্যোতি মৰান , নুপুৰ বৰা , মুনিন্দ্ৰ ডেকা , ৰিপচন মেছ , ৰিতুপন , মুনকণ হাজৰীকা বুলি জানিব পৰা গৈছে ৷ ইয়াৰে ডিব নিচি ডিব্ৰুগড়ৰ নয়নমনি গগৈ, নবজ্যোতি মৰান কাকপথাৰৰ আৰু বাকী যুৱক সকল দুলিয়াজানৰ বুলি জানিব পৰা গৈছে ৷