ডিজিটেল ডেস্কঃ সময় থাকোতেই ক্ৰয় কৰা উচিত আপোনাৰ পচন্দৰ বাইকখন৷ কিয়নো দেশৰ সৰ্ববৃহৎ কৰ সংশোধন বুলি বিবেচিত পণ্য আৰু সেৱা কৰৰ চমুকৈ জিএছটিৰ বাবেই দাম বাঢ়িব বাইকৰ৷

জিএছটিৰ বাবে সকলো বাইকত ধাৰ্য্য কৰা হৈছিল ২৮% কৰ৷ কিন্তু ৩৫০ চিচিৰ ওপৰৰ ইঞ্জিন কেপাচিটিৰ বাইকবোৰৰ ক্ষেত্ৰত এতিয়া ভৰিব লাগিব অতিৰিক্ত ৩% কৰ৷ এই অতিৰিক্ত কৰৰ বাবে আটাইতকৈ সমস্যাত পৰিব কেটিম।

কিয়নো যুৱ প্ৰজন্মৰ অন্যতম জনপ্ৰিয় বাইকখনৰ চিচি হৈছে ৩৭৩ চিচি৷ এইক্ষেত্ৰত অৱেশ্য সকাহ পাব ৰয়েল এনফিল্ডে৷

এনফিল্ডৰ আটাইতকৈ বেছি হোৱা বাইক ক্লাছিক ৩৫০ আৰু বুলেট ৩৫০-এই দুখন বাইকৰ চি চি কাকতালীয়ভাবে ৩৫০ তকৈ কম হোৱাৰ বাবেই এই বাইককেইখনৰ ক্ষেত্ৰত ভৰিব নালাগিব অতিৰিক্ত কৰ৷

এই দুয়োখন বাইকৰ চি চি হৈছে ৩৪৬৷ ৰয়েল এনফিল্ডৰ প্ৰতি মোহ থকা গ্ৰাহকক এই সিদ্ধান্তই সকাহ দিছে৷ উল্লেখ্য যে ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই বহুচৰ্চিত জিএছটি।