বিলাসীপাৰাঃ সমাগত পঞ্চায়ত নিৰ্বাচনত বিলাসীপাৰাত কংগ্ৰেছ (ই) দলৰ ভ্ৰষ্টাচাৰৰ প্ৰতি বিতুষ্ট হৈ আৰু অসম গণ পৰিষদ দলৰ নীতি-আদৰ্শ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দল ত্যাগ কৰি মুৰ্শিদা আলম আৰু উদমাৰী মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক ছহিদুল হকৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মীয়ে অ গ পৰ বিলাসীপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অগপৰ বিলাসীপাৰা জিলা সমিতি ৰ সভাপতি প্ৰশান্ত কুমাৰ বৰুৱা দেৱৰ নেতৃত্বত অ গ প দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

ইয়াৰে ছহিদুল হকক উদমাৰী গাঁও পঞ্চায়তৰ সভাপতি পদত আৰু মুৰ্শিদা আলমক আনন্দ নগৰ বাঙালীপাৰা জিলা পৰিষদৰ সদস্য পদত অ গ পৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে।