বিলাসীপাৰাঃ পঞ্চায়ত নিৰ্বাচনত সদ্য ঘোষিত ফলাফলত আনন্দ নগৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ নৱ-নিৰ্বাচিত কাউন্সিলাৰ ৰৌসনাৰা বেগমৰ নেতৃত্বত শতাধিক ৰাইজে আনুষ্ঠানিকভাৱে বি জে পিত যোগদান কৰে।

সংখ্যালঘু এলেকাত কংগ্ৰেছ দলৰ প্ৰতি মোহভংগ হৈ শেহতীয়া পঞ্চায়ত নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হোৱা পঞ্চায়ত সভাপতি, কাউন্সিলাৰ আৰু ৱাৰ্ড সদস্য সদস্যাই পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছৰপৰাই বহুতে আনুষ্ঠানিকভাৱে বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীৰ নেতৃত্বত বি জে পিত যোগদান কৰে।

আনন্দ নগৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ নৱ-নিৰ্বাচিত কাউন্সিলাৰ ৰৌসনাৰা বেগমৰ লগতে খুদিগাঁও প্ৰথম খণ্ডৰ নিৰ্দলীয় সদস্যা এগৰাকী দেওবাৰে বিয়লি বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীৰ নিজ বাসভৱনত আনুষ্ঠানিকভাৱে বি জে পিত যোগদান কৰে।

যোগদান কৰা প্ৰতি গৰাকীক ফুলাম গামোচা, দলীয় গামোচা, টুপি পিন্ধাই আদৰণি জনায় বি জে পিৰ বিধায়ক সিংহীয়ে। বিধায়কগৰাকীয়ে বি জে পিত যোগদান কৰা প্ৰতিনিধিৰ লগতে ৰাইজক আঁকোৱালি লৈ ভাষণ প্ৰসংগত তেওঁ কয় যে দলীয় নীতি-আদৰ্শৰে সমভাৱে সংখ্যালঘু এলেকাত কাম কৰি যাব। লগতে আৰু কয় যে আমাৰ দলৰ বাহিৰে বেলেগ দলৰ নিৰ্বাচিত প্ৰতিনিধিয়ে তেনে কাম কৰিব নোৱাৰে বুলি জানিবলৈ দিয়ে।