বিলাসীপাৰাঃ সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰা আনন্দ নগৰ বাঙালীপাৰা গাঁও পঞ্চায়ত নিৰ্বাচনৰ বুধবাৰে ঘোষিত ফলাফলত নিৰ্দলীয় সভাপতি পদৰ জামাল হক আৰু কাউন্সিলাৰ প্ৰাৰ্থী ৰৌসনাৰা বেগমে তেওঁৰ নিকটতম কংগ্ৰেছ প্ৰাৰ্থীক বিপুল ভোটত পৰাস্ত কৰি বিজয়ী হয়।

এই নিৰ্দলীয় প্ৰাৰ্থী দুয়োগৰাকীয়ে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি কংগ্ৰেছৰ হাইকমাণ্ডৰ ওচৰত আবেদন কৰিছিল যদিও কংগ্ৰেছৰ হাইকমাণ্ডে বৃহত অংকৰ টকা বিচাৰিছিল। কিন্তু তেওঁলোকে টকা দিব নোৱাৰাত কংগ্ৰেছৰ টিকটৰপৰা বঞ্চিত কৰি হাইকমাণ্ডে পূৰ্ব্বৰ আনন্দ নগৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ সভাপতি  দুৰ্নীতি সম্ৰাট তথা একপ্ৰকাৰ কংগ্ৰেছী ৰাজত্ব কৰা নুৰুল ইছলামক মোটা অংকৰ বিনিময়ত প্ৰাৰ্থিত্ব প্ৰদান কৰে।

নুৰুল ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰাত আনন্দ নগৰ বাঙালীপাৰা গাঁও পঞ্চায়তবাসী ৰাইজে বিক্ষোভ হৈ যোৱা ১৮ নৱেম্বৰত নিশা ৮মান বজাত বাঙালীপাৰা বজাৰৰ মাজ মজিয়াত কংগ্ৰেছ নেতা ওৱাজেদ আলী চৌধুৰীৰ জুমুঠি দাহ কৰিছিল।

তথাপিও কংগ্ৰেছ নেতা ওৱাজেদ আলী চৌধুৰীয়ে বিবেচনা নকৰি নুৰুল ইছলামৰ টিকট বাহাল ৰাখে। কংগ্ৰেছ নেতা গৰাকীৰ  কাৰ্যকলাপত অসন্তুষ্ট হৈ আনন্দ নগৰ বাঙালীপাৰা গাওঁ পঞ্চায়তবাসী ৰাইজে জামাল হকক সভাপতি আৰু ৰৌসনাৰা বেগমক কাউন্সিলাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে। দুয়ো গৰাকী নিৰ্দলীয় প্ৰাৰ্থীক বিপুল ভোটত কংগ্ৰেছ প্ৰাৰ্থীক পৰাস্ত কৰি বিজয়ী কৰিবলৈ সক্ষম হয়। এনে ৰেকৰ্ড ভোটত জয়লাভ কৰাত নৱ নিৰ্বাচিত সভাপতি জামাল হক আৰু কাউন্সিলাৰ ৰৌসনাৰা বেগমে আনন্দ নগৰ বাঙালীপাৰা গাঁও পঞ্চায়তবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অনাগত দিনত ৰাইজৰ হকে কাম কৰি যাব বুলি জানিবলৈ দিয়ে।