আজাৰাঃ গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশৰ জলাহভূমি দীপৰ বিলত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ল দীপৰ বিল মহোৎসৱ৷ ২০০২ চনত দীপৰ বিলক উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰামচৰ অঞ্চল বুলি ঘোষণা কৰাৰ লগতে বাৰ্ড লাইফ ইণ্টাৰনেছনেলে দীপৰ বিলক অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰে৷ এই দীপৰ বিলতে শুকুৰবাৰৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছে দীপৰ বিল মহোৎসৱ।

প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা দ্বীপৰ বিল মহোৎসৱ মুকলি কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত‌ই। মহোৎসৱৰ লগত সংগতি ৰাখি এক বাৰেৰহনীয়া জনজাতীয় কৃষ্টি সংস্কৃতিৰ শোভাযাত্ৰা উলিওৱা হয়৷ ঐতিহাসিক দীপৰ বিলৰ জৈৱ-বৈচিত্ৰ্য ৰক্ষা আৰু ইয়াৰ পৰ্যটনৰ সম্ভাৱনাক লক্ষ্য ৰাখি ৯-১১ ফেব্ৰুৱাৰীলৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া দীপৰ বিল মহোৎসৱৰ প্ৰথম দিনটোতে নানা, কৃষ্টি-সংস্কৃতি, নৃত্য-গীতেৰে উলহ মালহৰ পৰিৱেশৰ সৃষ্টি হয় দীপৰ বিলৰ পাৰত।

মহানগৰৰ মাজ মজিয়াত থকা দীপৰ বিল বৰ্তমান সংকটৰ গৰাহত বুলি কোৱা হয় যদিও শুকুৰবাৰৰ পৰিৱেশে বিলৰ পৰিৱেশ ৰক্ষা কৰা সচেতনতা বৃদ্ধি হ’ব বুলি চিন্তা কৰিব পাৰি৷ পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ়াৰ লক্ষ্যৰে দীপৰ বিল মহোৎসৱ অনুষ্ঠিত কৰাৰ লগতে পৰিভ্ৰমী চৰাইৰ বিচৰণ ভূমিত যাতে কোনো ধৰণৰ শব্দ প্ৰদূষণে অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ বাবে প্ৰচাৰ চলাব মহোৎসৱ সমিতিয়ে৷ মহোৎসৱত বিভিন্ন জনজাতীয় খাদ্য সম্ভাৰ, বস্ত্ৰমেলাৰ অনুষ্ঠিত কৰা দেখা দিছে৷

বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম উপস্থিত থাকি "দীপৰ প্ৰভা" নামৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে। মহানগীৰৰ মাজৰ এই বৃহৎ প্ৰাকৃতিক জলভূমি আজি সংকটত যদিও ইয়াক ৰক্ষা কৰিবলৈ তথা পৰিৱেশ ৰক্ষা কৰিবলৈ এনেদৰে বহুলোক ওলাই অহাতো শুভ লক্ষণ বুলি কয় একাংশ লোকে। মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, কণ্ঠশিল্পী বাবুৰ লগতে কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।