গৌৰিসাগৰঃ খাটিখোৱা, দৰিদ্ৰ, শ্ৰমিক তথা সমাজৰ অৱহেলিত-বঞ্চিত লোকসকলে জীৱন সংগ্ৰামেৰে জীয়াই থাকিব লগা হয়৷ বিশেষকৈ দিব্যাংগসকলে আনৰ সহায়ত জীয়াই থাকিব লগা হয়৷ একাংশ দিব্যাংগ লোকে আনৰ সহায় নোলোৱাকৈ জীয়াই থাকে যদিও বেছি সংখ্যাক দিব্যাংগই অনাথ আশ্ৰমত থাকিব লগা হয়৷ অসহায় দুখৰ জীৱন কটাব লগা হয়৷

তেওলোকক বঞ্চিত হয় সচা মৰমৰ পৰা৷ অদম্য সাহস থাকিও তেওঁলোকে অকলশৰীয়া হ’ব লগা হয়৷ তেওলোক সংগী বিহীন হৈ পৰে৷ বেদনাত চকুলো টুকি অকলশৰীয়া দিন অতিবাহিত কৰে৷ দুই এজনে অতি কষ্টৰে আৰোহণ কৰে পথ৷ আলোকসন্ধানী যাত্ৰা কৰিবলৈ পথ বিছাৰি থাকে যদিওঁ পোহৰ খেদি আগবাঢ়ি যোৱাৰ ইচ্ছা কৰে তথাপিওঁ সপোনবোৰ মৰহি যায়৷

একাগ্ৰতা থাকে তেওঁলোকৰ৷ লক্ষ্য থাকে তেওলোকৰ৷ তেওলোক অবিচল৷ কিন্তু সকলোবোৰ সপোন পূৰণ নোহোৱাকৈ আধৰুৱা হৈ থাকে তেওলোকৰ৷ সমাজ খনৰ অৱহেলিত, বঞ্চিত দিব্যাংগ সকলৰ সপোন পূৰণ নহলেওঁ কোনোৱে দিব্যাংগৰ সৈতে কোনোবা এটা দিন একেলগে কটাই সপোন পূৰণ কৰিব বিছাৰে৷ দিব্যাংগ সকলৰ সৈতে সময় অতিবাহিত কৰাৰ দৰে শুভ দিশো উদয় হয়৷ কোনোবা নহয় কোনোবা দিশে৷

অৱক্ষয় হ’ব ধৰা সমাজ খনক এনাজৰীৰে কটকটীয়া কৰি বান্ধি ৰাখিবলৈ কোনোবা আহে মিঠা সপোন হৈ৷ ৰাজনীতিৰ মাজত মৰম, ভাতৃত্ববোধ, মানৱতা বৰ্তমানে নোহোৱা হ’ব ধৰাৰ সময়তে এগৰাকী ২৪ বছৰীয়া যুৱতীয়ে নিজৰ জন্মদিন উদযাপন কৰি দেখুৱালে মৰম, ভাতৃত্ববোধ, শ্ৰদ্ধা তথা মানৱতা। ছাত্ৰীগৰাকীয়ে যোৱা ১১ জানুৱাৰীত নিজৰ ওপজা দিন এক ব্যতিক্ৰমেৰে পালন কৰি দেখুৱালে আদৰ্শ।

আপোনজনৰ পৰা মৰম-আদৰ নাপাই অনাথ আশ্ৰমত থাকিব লগা হোৱা দিব্যাংগ সকলৰ সৈতে ওপজা দিন পালন কৰে৷ জন্মদিন সকলোৰে বাবে এক আনন্দৰ দিন৷ কোনোৱে বন্ধুৰ সৈতে ৰেষ্টুৰেন্টত, কোনোৱে পৰিয়ালৰ সৈতে সৈতে নামী-দামী হোটেলত পালন কৰে৷ শিৱসাগৰৰ ২৪ বছৰীয়া চায়েমা চুলতানাই শিৱসাগৰ জিলাৰ ৰংঘৰ চাৰিআলিৰ কৌমুদালয়ৰ দিব্যাংগ সকলৰ আশ্রয় গৃহত একাংশ দিব্যাংগ শিশুৰ সৈতে জন্ম দিন পালন কৰে৷ শিৱসাগৰ জিলাৰ দৰবাৰ ফিল্ডৰ সমীপৰ যুৱতী চায়েমাই দিব্যাংগ শিশুৰ সৈতে পালন কৰে ২৪ তম জন্ম দিৱস পালন কৰে৷ নিজৰ জন্ম দিন দিব্যাংগসকলৰ সৈতে পালন কৰি দিব্যাংগসকলক উৎসাহ আৰু প্রেৰণা যোগাব লাগে বুলি কয় চায়েমাই৷