কোকৰাঝাৰঃ বিটিচিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন শাসকীয় পৰিষদখনৰ ৫ বছৰীয়া শাসনকালৰ যৱনিকাৰে বিটিচিক ৰাজ্যপালৰ শাসনৰ আওতালৈ নিয়াক লৈ বড়োভূমিত বিজেপিৰে মিত্ৰ দল বিপিএফ দলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰাৰ বিৰুদ্ধে আজি কোকৰাঝাৰত গুজৰি উঠে বিপিএফ দলৰ শীৰ্ষ নেতা তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে৷ 

দৈমাৰীয়ে সংবাদমেলযোগে সংবিধানৰ ষষ্ঠ অনুসুচিৰ সংশোধনীৰে গঠিত হোৱা বিটিচিক ৰাজ্যপালে সংবিধানৰ চৰ্তক উলংঘা কৰি ৰাজ্যপালৰ আওতাত নিয়া বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ তেওঁ সংবাদমেলত ৰাজ্যপালৰ এনে হেমাহিৰ বাবে বিটিচিৰ দৰে সংবিধানত ষষ্ঠ অনুসূচিৰ কাৰ্বি আলং, মিজোৰাম, ত্ৰিপুৰা, ডিমাহাচাও আৰু মেঘালয়ক শংকিত কৰি তোলা বুলি আক্ষেপ ব্যক্ত কৰে৷

ৰাজ্যপালৰ এনে পদক্ষেপে ষষ্ঠ অনুসূচিত এলেকাবোৰৰ সুৰক্ষাৰ প্ৰতি ভাবুকি অনা বুলি কয় দৈমাৰীয়ে৷ সংবাদমেলত দৈমাৰীয়ে ৰাজ্যপালে জৰুৰী বা অস্থিৰ পৰিবেশ আহিলেহে ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰিব পাৰে বুলি মন্তব্য কৰে। 

'দেশজুৰি ক’ভিড-১৯-এ মহামাৰী ৰূপ লোৱা বাবে বিটিচিৰ নিৰ্বাচন স্থগিত ৰাখিবলগীয়া হৈছে। এয়া কোনো অস্থিৰ পৰিৱেশ নহয়।মহামাৰী আদিক লৈ দেখা দিয়া পৰিৱেশত পৰিষদীয় চৰকাৰৰ প্ৰয়োজন অধিকহে হৈ পৰে। সেয়ে এই সংকটৰ সময়ত পৰিষদৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰা আৰু প্ৰয়োজন হ’লে আকৌ ৬ মাহৰ বাবে বৃদ্ধি কৰিব পাৰে৷’-এইক্ষেত্ৰত সংবিধানৰ ১৬(২) দফাত সন্নিবিষ্ট থকা কথাৰ প্ৰসংগ উল্লেখ কৰি এইদৰে কয় ৰাজ্যসভাৰ সাংসদগৰাকীয়ে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়েও আজি এলানি টুইটযোগে ৰাজ্যপালৰ শাসনৰ বিৰোধিতা কৰা দেখা গৈছে। হাগ্ৰামাৰ নামত থকা ভেৰিফাইড টুইটাৰ একাউণ্ট এটাৰ পৰা প্ৰয়োজনত ৰাজ্যত থকা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ পৰা বিপিএফ ওলায়ো আহিব পাৰে বুলিও টুইটত এক ইংগিত দিছে হাগ্ৰামাই। লগতে ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও স্পষ্ট কৰি দিছে।