আব্দুল বাৰেক, বিহালীঃ যোৱা ২৯ এপ্ৰিলত দক্ষিণ ভাৰতৰ কেৰালাৰ কেলিকাট তাজ হোটেলত ভাৰতৰ বিভিন্ন ৰাজ্যৰ শিশুসকলৰ অংশগ্ৰহণৰে অনুষ্ঠিত হোৱা জুনিয়ৰ মডেল ইন্টাৰনেচনেল ইণ্ডিয়া শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতাত উজ্জ্বলি উঠিছে কৰ্মসূত্ৰে তামিলনাডুত বাস কৰা বিশ্বনাথৰ বাবুল বেহুৰা আৰু গৌৰী বেহুৰাৰ কন্যা চুহানী বেহুৰা৷

উক্ত প্ৰতিযোগিতাত অসমৰ পাট-মুগাৰ সাজপাৰৰ সৈতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিচাৰকৰ সন্মুখত দক্ষতাৰে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ জৰিয়তে এক্সট্ৰিম টেলেণ্ট প্ৰিন্স এণ্ড প্ৰিন্সচেছৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে৷ 

উত্তৰ অসমৰ অগ্ৰণী ফেচন-মডেলিং সংস্থা বৰ-অসম ক্ৰিয়েচনৰ সঞ্চালিকা ৰশ্মি বৰুৱাৰ বিশেষ  তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা চুহানী বেহুৰাই অহা অক্টোবৰ মাহত ডুবাইত অনুষ্ঠিত হ’বলগীয়া জুনিয়ৰ মডেল ইন্টাৰনেচনেল ২০১৯ত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছে৷

বিশ্বৰ বিভিন্ন দেশৰ শিশু মডেলসকলৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত চুহানী বেহুৰাক অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কিছু প্ৰতীকি সম্বিলিত সাজপাৰৰে জিলিকাই তুলিবলৈ বৰ-অসম ক্ৰিয়েচনৰ ৰশ্মি বৰুৱাই পৰিকল্পনা কৰাৰ লগতে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে৷

আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাসমূহত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে যিদৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ঠিক সেইদৰে শিশুসকলেও এনেধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ মাজত থকা সুপ্ত প্ৰতিভাক দক্ষতাৰে উজ্বলাই তুলিব পৰা দিশটোৱে এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বুলি বিভিন্নজনে মতপোষণ কৰিছে৷