আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ জিলাৰ ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত মোনাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দেওবাৰে মোনাবাৰীত সংঘটিত হয় কুৰুক্ষেত্ৰ। 

মহাভাৰতৰ কুৰুক্ষেত্ৰৰ ভূমিকেন্দ্ৰিক ৰণৰ দৰেই ৰাজনৈতিক ক্ষমতাৰ বলত বলীয়ান হৈ দুখীয়া-দৰিদ্ৰ লোকৰ একমাত্ৰ সম্বল মাটি সম্পত্তি হস্তগত কৰাৰ এক অভিযোগ শেহতীয়াকৈ পোহৰলৈ আহিছে৷

জানিব পৰা মতে মোনাবাৰী চাহ বাগিছাৰ হাটখোলা লাইনৰ দিলীপ ছাহুক মোনাবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী দীপক মহানন্দৰ নেতৃত্বত যোৱা কেইজনমান  উদণ্ড প্ৰকৃতিৰ যুৱকে মাৰ-পিট কৰাৰ লগতে ঘৰৰ আচবাব ভাঙি লণ্ড ভণ্ড কৰে। ইমানতো ক্ষান্ত নাথাকি দিলীপ ছাহুৰ মাটিবাৰী তথা ঘৰ ভেটি হস্তক্ষেপ কৰি পৰিয়ালটোক তাৰ পৰি উঠি যাবলৈ ভাবুকি প্ৰদান কৰে।

দিলীপ ছাহু, বুদৰাম ছাহু, অশোক ছাহু, ৰেণু ছাহু, হিৰন্দী ছাহু, সুৰজমণি ছাহু, হেমন্ত ছাহুৱে বিজেপি নেতাজনৰ আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিত্সালয়ত চিকিৎসাধীন হৈ আছে। 

ইতিমধ্যে ভোক্তভোগী দিলীপ ছাহুৰ পৰিয়ালে জিনজিয়া আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। উক্ত এজাহাৰৰ ভিত্তিত জিনজিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইফালে, পৰিৱৰ্তনকামী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন শাসকীয় দলৰ নেতাই ৰাজনৈতিক ক্ষমতাৰ খকত বলীয়ান হৈ দুখীয়া-  দৰিদ্ৰ লোকৰ জীৱন আৰু সম্পত্তিৰ একমাত্ৰ সম্বল ঘৰভেটি হস্তগত কৰি জীৱন সম্পত্তিৰ নিৰাপত্তাৰ প্ৰতি চৰম ভাবুকি প্ৰদান কৰা কাৰ্যক সহজভাৱে ল’ব পৰা নাই  অঞ্চলবাসীয়ে। 

এতিয়া প্ৰশ্ন হয় ক্ষমতাৰ খকত বলীয়ান হৈ ক্ষমতাৰ অপব্যৱহাৰ কৰা বিজেপিৰ এনে নেতাৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব।