আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ বিহালী বিধানসভা সমষ্টিত একাংশ পথ মেৰামতি আৰু নিৰ্মানৰ নামত ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপকভাৱে দুৰ্নীতিৰ আশ্ৰয় লোৱা অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি বিশ্বনাথ জিলাৰ ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ তথা ঐতিহ্যমণ্ডিত গাংমৌথানলৈ যোৱা তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ পদুলি দি হৈ বিহালী প্ৰাথমিক চিকিৎসালয়, বিহালী মহাবিদ্যালয়, পশু চিকিৎসালয়, টেলেঙনীয়া, বটীয়ামাৰী, ৰাংছালী, বিহালী আৰক্ষী থানাহৈ পুৰণি গুটাম ঘৰ হৈ নাচবৰলৈ যোৱা এটা পথ বৰ্তমান মেৰামতিৰ কাম কৰি থকা দেখা গৈছে। 

কিন্তু অতি শেহতীয়াকৈ পথ চোৱা মেৰামতি কৰাৰ নামত ঠিকাদাৰে অবাধভাৱে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে গুৱাহাটীৰ জনৈক হললা নামৰ এজন ঠিকাদাৰাধীন এটা কনচষ্ট্ৰাকচন কোম্পানীৰ নেতৃত্বত সেই পথ চোৱাৰ লগতে বিহালীত কেইবাটাও পথ আৰু পকী দলং নিৰ্মাণ আৰু মেৰামতিৰ নিবিদা লাভ কৰিছে।

ইফালে, ইতিমধ্যে পথ নিৰ্মাণ সংস্থাটোৱে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বৰগাং চেন্টাৰৰপৰা নাচবৰলৈ যোৱা পথ চোৱাত কিছু কিছু অংশত পথ মেৰামতি কৰাৰ আৰম্ভণিতে দুৰ্নীতিৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, সেই কোম্পানীটোৱে আন এটা পথ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা ভিমডঙা চেন্টাৰলৈ যোৱা পথ চোৱা মেৰামতি কৰি আছে যদিও সেই পথ চোৱা মেৰামতিৰ আৰম্ভনিতে অবাধ দুৰ্নীতিৰ আশ্ৰয় লোৱা অভিযোগ উত্থাপিত হৈছে ঠিকাদাৰজনৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি ঠিকাদাৰে পথ চোৱা প্ৰথম পৰ্যায়ত মেৰামতিৰ বাবে যিদৰে কাম আৰম্ভ কৰিব লাগিছিল তেনেদৰে কাম আৰম্ভ  নকৰা বুলি সচেতন মহলে দাবী কৰিছে। যিহেতু পথচোৱা পূৰ্বে পকীকৰণ কৰা পথ।

এই পথ চোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা কেটেলা চিকিৎসালয় লৈ যোৱা অতি গুৰুত্বপূৰ্ণ পথছোৱাত বহু স্থানত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাঁত সমূহত চাৰিওফালে চাফা কৰি বিজ্ঞান সন্মত ভাৱে সা-সামগ্ৰী দিব লাগে যদিও ঠিকাদাৰে কোনো গাঁতৰ বাবে সেই পূৰ্বৰ গাত সমূহত কোনো বিজ্ঞান সন্মতভাৱে কাম নকৰি গাঁত সমূহত মাটি আৰু বালি WWMM দিয়েই কাম আৰম্ভ কৰি যি দুৰ্নীতিৰ আশ্ৰয় লৈছে তাক বিহালীৰ বিভিন্ন দল সংগঠনে তীব্ৰ বিৰোধীতা কৰিছে। 

পুৰণি পকী পথৰ গাত সমূহত মাটি বালিৰ সলনি শিলগুটি দিয়া হে উচিত বুলি উল্লেখ কৰি পথ চোৱা ভালদৰে নিৰ্মাণ কৰিবলৈ দাবী জনাইছে। ইফালে, মন্ত্ৰী ড°  হিমন্ত বিশ্ব শৰ্মাই গড়কাপ্তানি বিভাগৰ একাংশ অভিযন্তাই এই দুৰ্নীতি অনিয়মত সহায় কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

এক গোপন সূত্ৰত প্ৰকাশ যে গুৱাহাটীৰ হললা উপাধিৰ ঠিকাদাৰ গৰাকী গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি আপোন বুলিও চৰ্চা লাভ কৰিছে বিহালীত। আন এক 
প্ৰশ্ন উঠিছে যে য'ত অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্ত আছে তাৰ পিছতো কাৰ সাহসত এই ঠিকাদাৰ গৰাকীয়ে দুৰ্নীতিৰ আশ্ৰয় ল’বলৈ সাহস পাইছে তাক লৈ এতিয়া সৰ্বতে চৰ্চা লাভ কৰাৰ লগতে বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে দল সংগঠনে।