নতুন দিল্লীঃ মহেন্দ্ৰ সিং ধোনীয়ে ক্ৰিকেটৰপৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত দেশসেৱাৰ বাবে ৰাজনীতিত যোগদান কৰিব নেকি? 

মাহীয়ে বিজেপিৰ সদস্যতা গ্ৰহণ কৰাৰ সম্ভাৱনা। কাৰণ এই দাবী বিজেপি নেতাই নিজেই কৰিছে। বিহাৰৰ বিজেপি জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীয়ে দাবী কৰিছে যে মহেন্দ্ৰ সিং ধোনীয়ে বিজেপিৰ সদস্যতা গ্ৰহণ কৰিব। বিহাৰ বিধানপৰিষদৰ সদস্য আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় পাছবানে ক’লে যে ধোনী বিজেপিৰ সদস্যতা গ্ৰহণ কৰিবৰ বাবে তেওঁৰ সৈতে এই সন্দৰ্ভত বহুবাৰ আলোচনা কৰা হৈছে।

বিজেপিৰ জনসম্পৰ্ক অভিযানৰ সময়ত দলৰ বহুকেইজন নেতাই ধোনীক সাক্ষাৎ কৰিছে।

মহেন্দ্ৰ সিং ধোনীয়ে বিজেপিত যোগদান সন্দৰ্ভত কংগ্ৰেছে ক’লে যে যদি ধোনীয়ে ৰাজনীতিত যোগদান কৰিব বিচাৰে তেন্তে তেওঁ নিজেই সিদ্ধান্ত গ্ৰহণ কৰিব যে কোনটো দল আপোন কৰি ল’ব। কংগ্ৰেছ নেতা প্ৰেমচন্দ মিশ্ৰাই ক’লে যে বিজেপি নেতাসকলক দেশৰ সকলো নামী–দামী ব্যক্তিসকলক দলত যোগদান কৰাবলৈ কাৰ্যভাৰ প্ৰদান কৰা হৈছে।

আচলতে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিগত বছৰত দেশৰ কেইবাগৰাকীও বিশিষ্ট লোকৰ সৈতে সাক্ষাৎ কৰি বিজেপিৰ কাৰ্যকালত হোৱা কামৰ বিষয়ে জনাইছিল। এই অনুষ্ঠানৰ নাম আছিল ‘সম্পৰ্কৰ সৈতে সমৰ্থন।’