কলিয়াবৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্য গুজৰাটত নিৰ্বাচনৰ গৰম বতাহ বলিছে৷ কিয়নো গুজৰাট বিধান সভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন৷ গুজৰাট বিধান সভা নিৰ্বাচনৰ উপলক্ষে গুজৰাটত বলা গৰম বতাহৰ প্ৰভাৱ কম-বেছি পৰিমাণে সমগ্ৰ দেশতে পৰিছে৷ প্ৰতিষ্ঠান বিৰোধি ঢোৱে শাসকীয় দলটোক জ্বলা-কলা খুওৱাৰ সময়তে যোৱা কেইবাদিন ধৰি অসমত থিতাপি লৈ আছে জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে৷

দেওবাৰে কলিয়াবৰত অগপৰ দুৰ্গত কপনি তুলি বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰে৷ জখলাবন্ধাৰ মিলন সংঘত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংগঠনিক সভা অনুষ্ঠিত কৰি বিজেপিৰ মিত্ৰ দল অগপক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে বিজেপিয়ে৷ ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা অগপ নেতা কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰত বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজাই।

সমগ্ৰ দেশৰ দৃষ্টি গুজৰাটৰ দিশে নিবদ্ধ হৈ থকাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে দলটোক আৰু অধিক শক্তিশালী কৰিবলৈ প্ৰতিদিনে বিভিন্ন সভা সমিতিত অংশ গ্ৰহণ কৰি নেতা-কৰ্মীক বিভিন্ন পৰামৰ্শ দি আহিছে৷ দুদিন পূৰ্বে বিপিএপৰ দুৰ্গ স্বৰূপ কোকৰাঝাৰত দলীয় সভা অনুষ্ঠিত কৰি আগন্তুক নিৰ্বাচনৰ সাজু হ’বলৈ দলীয় নেতা কৰ্মীক আহ্বান জনায়৷ 

কেন্দ্ৰীয় আইন মন্ত্ৰী গৰাকীয়ে বিজেপি দলৰ সাংগঠনিক স্থিতি মজবুত কৰা আৰু দলৰ নেতা-কৰ্মী সকলে যাতে অধিক উৎসাহিত হৈ কাম কৰে তাৰ বাবে সাংগঠনিক সভাখন অনুষ্ঠিত কৰা হৈছে বুলি কয়৷

যোৱা লোকসভা নিৰ্বাচনত ভাল ফলাফল কৰিব নোৱাৰা লোকসভা সমষ্টি সমূহত বিজেপি দলে বিজেপি দলে এইবেলি অধিক গুৰুত্ব দিছে আৰু সমষ্টিসমূহত দলৰ ভেটি কেনেকৈ মজবুত কৰা যায় তাৰ উদ্দেশ্যৰে ৰাজ্যৰ কেইবাখন জিলাত সাংগঠনিক সভা অনুষ্ঠিত কৰা হৈছে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী মন্ত্ৰীগৰাকীয়ে৷ সেই অনুসৰি শিলচৰ, বৰপেটা, ডিফু, কলিয়াবৰ আৰু সাংগঠনিক সভা অনুষ্ঠিত কৰা হৈছে বুলি সদৰী কৰে কেন্দ্ৰীয় আইন মন্ত্ৰী গৰাকীয়ে৷

অগপৰে মিত্ৰতাৰে দিছপুৰৰ গাডী দখল কৰাৰ পাছত আগন্তুক পঞ্চায়ত নিৰ্বাচন তথা ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে একক ভাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে এতিয়াৰ পৰাই প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে৷ কলিয়াবৰ সমষ্টিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে দলৰ সকলো নেতা-কৰ্মীক একত্ৰিত হৈ কাম কৰি যাবলৈ আহ্বান জনায়৷ তাৰ লগে লগে আগন্তুক নিৰ্বাচনত ভাল ফলাফল কৰাৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, বিধায়ক মৃণাল শইকীয়া, যুৱ নেতা দিপলো ৰঞ্জন শৰ্মা সভাত উপস্থিত থাকে৷