তামুলপুৰঃ বাক্সা জিলাৰ ৰঙিয়া-তামুলপুৰ-ভূটান পথৰ মটঙা চকত আজি সন্ধিয়া প্ৰায় ৬-৩৫ বজাত তামুলপুৰ মহকুমা ছাত্ৰ সন্থাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কলা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰে। আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাক্সা জিলাৰ সুৱাগপুৰত  ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ ঘৰত এক বিয়াৰ অনুষ্ঠানত ভাগ লবলৈ গৈছিল।

বিয়াৰ পৰা নাগ্ৰীজুলি-তামুলপুৰ-ৰঙিয়া পথেৰে আহি থকাৰ খবৰ পাই তামুলপুৰ মহকুমা আছুৰ এটি দলে তামুলপুৰ মটঙা চকত খাপ পিতি থাকে আৰু মন্ত্ৰী গৰাকীৰ কনভয় তামুলপুৰৰ মটঙা চক পোৱাৰ লগে লগে আছু কৰ্মী সকলে কলা পতাকা দেখুৱাই বিজেপি গো বেক, হিমন্ত বিশ্ব মূর্দাবাদ আদিকে ধৰি চৰকাৰ বিৰোধী শ্লোগান দি তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে।  

পিছত আৰক্ষীয়ে কেইবাগৰাকীও আছু সদস্যক আটক কৰি তামুলপুৰ আৰক্ষী থানালৈ লৈ যায়। ইপিনে অৰ্ধ সামৰিক বাহিনীৰ লোকে এজন পথচাৰী যুৱকক ধৰি আনি লঠিয়াই, গুৰিয়াই আটক কৰি আৰক্ষীৰ  গাড়ীত তুলি লৈ যোৱা কাৰ্যত তামুলপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।