দুলীয়াজানঃ তিনিচুকীয়া জিলাৰ বাঘজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ৫ নং তৈলকূপত যোৱা ২৭ মে'ত সংঘটিত গেছ নিৰ্গমন ঘটনাৰ পাছত সম্প্ৰতি অপৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অইল ইণ্ডিয়া আৰু অ’ এন জি চিৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকদ্বয়ৰ সৈতে এক বৈঠকত মিলিত হয়। 

উক্ত বৈঠকত বাঘজানত সংঘটিত ঘটনা সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অইল ইণ্ডিয়াৰ অধ্যক্ষ সুশীল চন্দ্ৰ মিশ্ৰক স্থানীয় লোকসকলৰ স্বাস্থ্য আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সকলো প্ৰয়োজনীয় পদক্ষেপ লবলৈ নিৰ্দেশ জাৰি কৰে। মন্ত্ৰীগৰাকীয়ে লগতে অ’ এন জি চিৰ পৰিচালন সঞ্চালক শশী শংকৰক অইল ইণ্ডিয়া লিমিটেডৰ এই সংকটৰ সময়ছোৱাত সম্ভাৱ্য সকলো সহযোগিতা আগবঢ়াবলৈকো নিৰ্দেশ দিয়ে।

আনহাতে একে সময়তে অসম চৰকাৰেও অইলৰ প্ৰতি সকলো সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ লগতে শীঘ্ৰে পৰিস্থিতিৰ উন্নত কৰাৰ ক্ষেত্ৰত দৃষ্টি ৰাখিছে। আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে অইল কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে দুৰ্ঘটনা সংঘটিত এলেকাৰ পৰা ১.৫ কি.মি. দূৰত্বলৈ সুৰক্ষিত সীমা বৃদ্ধি কৰাৰ উপৰিও তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত স্থানান্তৰিত লোকসকলৰ বাবে অইল ইণ্ডিয়াই আন এক সাহায্য শিবিৰ স্থাপন কৰিছে। 

জিলা প্ৰশাসনৰ সহযোগত অইল ইণ্ডিয়াই এই সাহায্য শিবিৰসমূহত থকা লোকসকলে প্ৰয়োজনীয় খোৱা আৰু থকাৰ সকলো সুবিধা লাভ কৰাটো সুনিশ্চিত কৰিছে বুলিও বিবৃতিটোত উল্লেখ কৰিছে। সম্প্ৰতি, অইল ইণ্ডিয়াৰ লগতে অ’ এন জি চিৰ সংকট প্ৰৱন্ধন দল আৰু অ’ এন জি চিৰ বৰোদৰাৰ এটা বিশেষজ্ঞ দলৰ সৈতে লগ হৈ পৰিস্থিতি প্ৰশমিত কৰাৰ বাবে চেষ্টা চলাই আছে। 

স্থানীয় লোকসকলৰ কল্যাণ, স্বাস্থ্য আৰু সুৰক্ষা কোম্পানীৰ প্ৰধান কৰ্তব্য বুলি বিবৃতিটোত উল্লেখ কৰিছে অইল ইণ্ডিয়াই। প্ৰকৃতিৰ ওপৰত পৰা প্ৰভাৱ তৈল সংস্থাটোৱে নিৰীক্ষণ কৰি থকাৰ লগতে পাৰ্যমানে এই প্ৰভাৱ হ্ৰাস কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলিও সদৰী কৰে।