কোকৰাঝাৰঃ অসমত ক্ৰমান্বয়ে শক্তিশালী হৈ উঠিছে নাৰী সৰবৰাহকাৰী চক্ৰ । গাঁৱৰ দুখীয়া-নিচলা বিশেষকৈ জনগোষ্ঠীয় যুৱতীক টাৰ্গেট কৰি লোৱা নাৰী সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰি ইতিমধ্যে বহু যুৱতী ধ্বংসৰ গৰাহত পৰাৰ উপৰিও কিছুসংখ্যক যুৱতীয়ে পশ্চিমবংগ, দিল্লীৰ ৰেড লাইট এলেকাৰ অন্ধকাৰময় কোঠাত এক অনিশ্চিত দুৰ্বিষহ জীৱন আঁকোৱালি ল'বলৈ বাধ্য হৈ পৰিছে।

কোকৰাঝাৰ জিলাৰ কচুগাঁও থানাৰ অন্তৰ্গত ৰূপনাথপুৰ গাঁওৰ পৰা ২০১৬ চনৰ জুলাই মাহত এগৰাকী ১৪ বছৰীয়া বড়ো নাৱালিকা ছোৱালী নিখোজ হৈছিল । পৰিয়ালৰ সদস্যই বহু ঠাইত বিচাৰ -খোচৰ কৰাৰ অন্তত অৱশেষত যুৱতী গৰাকীক বিচাৰি নাপাই  কচুগাঁও থানাত ২০১৬ চনৰ ১২ আগষ্টত এক এজাহাৰ(নং ০৩/১৬ ) দাখিল কৰে । আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬(এ)নম্বৰৰ অধীনত এক গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখে ।

দিন মাহ পাৰ হ'ল, বছৰ বাগৰিল কিন্তু নিখোজ বড়ো যুৱতীগৰাকীৰ কোনো সন্ধান নোলাল । কিছুমানে আৰক্ষীৰ বিফলতাক সমালোচনা কৰিলে কিন্তু আৰক্ষীয়ে তদন্ত সংগোপনে আগবঢ়াই নি থাকিল । অৱশেষত আৰক্ষীয়ে এক বিশেষ সূত্ৰ অনুসৰি নিখোজ হোৱা বড়ো যুৱতীগৰাকী পশ্চিমবংগৰ শিলিগুৰীৰ এক পতিতালয়ত থকাৰ তথ্য লাভ কৰে ।

কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে তৎপৰতাৰে বিষয়টো সন্দৰ্ভত পশ্চিমবংগৰ উচ্চপদস্থ আৰক্ষী বিষয়াৰ সতে যোগাযোগ কৰে আৰু নিখোজ বড়ো যুৱতী গৰাকীক উদ্ধাৰৰ বাবে যাৱতীয়  ব্যৱস্থা  গ্ৰহণ কৰে । সেইমতে আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ নিৰ্দেশত কচুগাঁও আৰক্ষীৰ দল এটাই পশ্চিমবংগলৈ ৰাওনা হয় আৰু নিখোজ বড়ো যুৱতীগৰাকীক আজি নিশা ৯:৩০মান বজাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

সম্প্ৰতি আৰক্ষীয়ে উদ্ধাৰকৃত যুৱতীগৰাকীক লৈ অসমলৈ বুলি ৰাওনা হৈছে । অাৰক্ষী অধীক্ষক ৰাজেন সিঙে নাৰী সৰবৰাহৰ সৈতে জড়িত থকা সমগ্ৰ চক্ৰটোক উৎখাত কৰা হ'ব বুলি মন্তব্য কৰিছে ।