অবড়ো সংগঠনৰ বিৰোধিতাৰ বাবেই আলোচনাত পলম হোৱাৰ সন্দেহ এবছুৰ 

কোকৰাঝাৰঃ পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত আজি পুনৰ সৰৱ হৈ উঠিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু, পিজেএচিবিএম আৰু এনডিএফবি(পি)আৰু ইউপিপিএল৷ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰতো এবছুৰ নেতৃত্বত এই তিনিওটা সংগঠনৰ নেতৃবৃন্দই তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কপাঁই তোলে ৷

উল্লেখযোগ্য যে কোকৰাঝাৰ সদৰ চহৰৰ বডোফা শিশু উদ্যানত আজি ৰাতিপুৱা ১০ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হোৱা এই তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচীত এবছু্, পিজেএচিবিএম, এনডিএফবি(পি)আৰু ইউপিপিএলৰ সহস্ৰাধিক নেতা-কৰ্মী,সদস্যই অংশগ্ৰহণ কৰি আমাক বড়োলেণ্ড লাগিবই, বড়োলেণ্ড অবিহনে ক্ষান্ত নহওঁ, বিজেপি চৰকাৰ হুছিয়াৰ আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ 

ধৰ্ণা কাৰ্যসূচীত এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী উপস্থিত থাকি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে যোৱা ২০১৪ চনৰ  লোকসভা নিৰ্বাচনত বিজেপিয়ে ক্ষমতাত আহিলে বড়ো সমস্যাৰ সমাধান কৰা হব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈ সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে৷ যোৱা ১৯ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ সৈতে এবছু নেতৃবৃন্দৰ সৈতে আলোচনা অনুষ্ঠিত হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰে উক্ত বৈঠকতে চলিত ডিচেম্বৰ মাহত পুনৰাই বড়ো সমস্যাৰ ওপৰত আলোচনা কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল৷কিন্তু বিভিন্ন অবড়ো সংগঠন সমূহে পৃথক বড়োলেণ্ড ৰাজ্যৰ বিৰোধীতাৰে প্ৰতিবাদ অব্যাহত ৰখাত কেন্দ্ৰীয় চৰকাৰে এই বিষয়টোৰ পৰা পিছ হুহুকি অহা বুলি সন্দেহ ব্যক্ত কৰিছে এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে ৷ 

ধৰ্ণা কাৰ্যসূচীত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ইউপিপিএলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই অংশগ্ৰহণ কৰি কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ লগতে বিটিচি পৰিষদীয় চৰকাৰৰ সদিচ্ছাৰ অভাৱতে আজিলৈ বড়ো সমস্যাৰ সমাধান নহ'ল বুলি মন্তব্য প্ৰকাশ কৰিছে ৷ অদুৰ ভৱিষ্যতে বড়ো সমস্যাৰ সমাধান নহলে ইয়াত থকা সৰ্বসাধাৰণ লোকৰ মংগলদায়ক নহব বুলিও তীৰ্যক মন্তব্য আগবঢ়াইছে উৰ্খাও গৌৰা ব্ৰহ্মই ৷