বোকাজানঃ কাৰ্বি আংলং জিলাৰ বোকাজানত ৫ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা মিত্ৰদেৱ শৰ্মা আৰু অন্নদা প্ৰভা শৰ্মা সোঁৱৰণী পুৰুষৰ দ্বৈত প্ৰথম বাৰ্ষিক দিবা-নৈশ প্ৰাইজমণি বেডমিন্টন প্ৰতিযোগিতাৰ চূড়ান্ত খেল খন দেওবাৰে নিশা অনুষ্ঠিত হয়৷ বোকাজান স্পৰ্টচ ক্লাৱৰ উদ্যোগত আৰু বোকাজান মহাবিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত অনুষ্ঠিত মুকলি বেডমিন্টন প্ৰতিযোগিতাত ৰাজ্যৰ কেইবাগৰাকী আগশাৰীৰ খেলুৱৈই অংশ গ্ৰহণ কৰে৷

কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক পংকজ টেৰণ, পবিত্ৰজ্যোতি শৰ্মা, ইষ্টাৰ্ন কাৰ্বি আংলং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অনিল চন্দ্ৰ দাসে উদ্ধোন কৰাৰ পিছতে মুকলি বেডমিন্টন প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত ডিফুৰ অমৰিৎ ৰংপি আৰু জেৰকং ৰংহাঙৰ চূড়ান্ত খিতাপ অৰ্জন কৰে৷ বোকাজানৰ বিজয় হাজৰিকা আৰু শৈলেন শৰ্মাক পৰাজিত কৰি প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী হবলৈ সক্ষম হয়৷

খেলখনত ডিফুৰ দলটোৱে ২১-১২, ১৮-২১ আৰু ২১-৯ পইন্টৰ ব্যৱধানত বোকাজানৰ দলটোক পৰাস্ত কৰিবলৈ সক্ষম হয় ৷ বিজয়ী আৰু বিজিত দুয়োটা দলক নগদ ৭০০০ আৰু ৩০০০ টকাৰ লগতে মানপত্ৰ আৰু বঁটা প্ৰদান কৰে মিত্ৰদেৱ শৰ্মা আৰু অন্নদা প্ৰভা শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ পবিত্ৰজ্যোতি শৰ্মা, বোকাজান মহাবিদ্যালয়ৰ অধ্যক্ষ সঞ্জয় সিং, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়া আৰু খেল প্ৰশিক্ষক ৰাজু হাজৰিকাই৷ আজিৰ চূড়ান্ত খেলখন পৰিচালনা কৰে বিশিষ্ট খেলুৱৈ যোগেন গগৈ আৰু বঁটা বিতৰণী অনুষ্ঠানৰ আঁত ধৰে সৰোজ মহন্তই৷