কাৰ্বি আংলংঃ  কাৰ্বি আংলং জিলাৰ বোকাজানত ২১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা মিত্ৰদেৱ শৰ্মা আৰু অন্নদা প্ৰভা শৰ্মা সোঁৱৰণী পুৰুষৰ দ্বৈত দ্বিতীয় বাৰ্ষিক দিবা-নৈশ প্ৰাইজমণি বেডমিন্টন প্ৰতিযোগিতাৰ আজি অন্ত পৰে ৷ 

বোকাজান স্পৰ্টচ ক্লাৱৰ উদ্যোগত বোকাজান খণ্ড উন্নয়ণ কাৰ্যলয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা বেডমিন্টন প্ৰতিযোগিতাৰ আজিৰ চূড়ান্ত খেলখনত ডিফুৰ অমৰিৎ ৰংপি আৰু সাৰবমন ফাংছ' দলে ডিফুৰে সাৰমণ টেৰণ আৰু জ'নাৰাম ৰংহাং দলক পৰাজিত কৰি প্ৰতিযোগিতাৰ চুড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ খেলখনত অমৰিৎ ৰংপি দলটোৱে ২১-২০ , ২১-১৪, ১৩-২১, ২১-১৫ আৰু ২১-১১ পইন্টৰ ব্যৱধানত সাৰমণ টেৰণৰ দলটোক পৰাস্ত কৰিবলৈ সক্ষম হয় ৷

 

বিজয়ী আৰু বিজিত দুয়োটা দলক নগদ ৭০০০ আৰু ৩০০০ টকাৰ লগতে মানপত্ৰ আৰু বঁটা প্ৰদান কৰে চিকিৎসক তথা সমাজসেৱক ডাঃ ডিম্বেশ্বৰ ভৰালীৰ লগতে বোকাজান প্ৰেছ ক্লাৱৰ যুটীয়া সম্পাদক ৰুবুল দিহিঙ্গীয়া আৰু আনন্দ টেৰাঙে৷  উল্লেখয্যগ্য যে আজিৰ চুড়ান্ত খেলখন পৰিচালনা কৰে বিজয় হাজৰিকাই ৷