বোকাজানঃ বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক'ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে আহ্বান জনোৱা সমগ্ৰ দেশ লকডাউনৰ সময়ত ৰাজ্যৰ স্বাভাৱিক জনজীৱন স্তব্ধ হৈ পৰিছে। মাৰাত্মক ক'ভিড-১৯ ভাইৰাছৰ যাতে সংক্ৰমণ ঘটিব নোৱাৰে তাৰবাবে সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাটো বোকাজান মহকুমা প্ৰশাসন, বোকাজান মহকুমা আৰক্ষী বিভাগ, বোকাজান স্বাস্থ্য বিভাগ, অগ্নিনিৰ্পাবক বাহিনী, বোকাজান পৌৰসভা, বোকাজান মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া কৰ্মচাৰীসকল তৎপৰ হৈ পৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ নীতি-নিৰ্দেশনা পালনেৰে দিন-ৰাতি একাকাৰ কৰি এই ভাইৰাছৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰস্তুতি তথা সতৰ্কতামূলক কাৰ্যসূচী গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে।

কৰ'না যুঁজৰ এই স্পৰ্শকাতৰ আৰু জটিল সময়চোৱাত ৰাইজৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন তথা সেৱা আগবঢ়াই অহা অসম আৰক্ষীৰ বিভিন্ন স্তৰৰ বিষয়া-কৰ্মচাৰী-জোৱানসকল কিন্তু সচাই প্ৰসংশাৰ পাত্ৰ। তৃতীয় পৰ্যায়ৰ লকডাউন তথা ক'ভিড-১৯ ৰ বিৰুদ্ধে চলি থকা যুদ্ধখনৰ এই ব্যস্ত সময়ৰ মাজতেই সোমবাৰে সন্ধিয়া বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ উদ্যোগত আৰক্ষী আৰু বোকাজানৰ সংবাদকৰ্মীসকলৰ মাজত খটখটি আৰক্ষী থানাত এক সৌজন্যমূলক আলোচনা অনুষ্ঠিত হয়।

খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰহ্মই আতধৰা উক্ত অনুষ্ঠানত মহকুমা আৰক্ষী বিষয়া জন দাস, জেষ্ঠ সাংবাদিক থানেশ্বৰ নেওগ, বোকাজান প্ৰেছ ক্লাবৰ সভাপতি প্ৰকাশ গগৈ, সম্পাদক ৰুবুল দিহিঙ্গীয়া, ৰণজিৎ বৰা, অৰ্জুন থাপা, আকাশজ্যোতি কাকতি, নৰেন হাজৰিকা, অংকুৰ গগৈ, প্ৰদীপ নাথ, গণেশ পাছোৱান, প্ৰাণদ্বীপ চেতিয়া, সৰুজ মহন্ত, পলাশ কোঁৱৰ, সুৰজ গগৈ, ত্ৰিদিপ বৰা আৰু যোগেশ ৰায়কে ধৰি ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমৰ ১৬ গৰাকী সংবাদকৰ্মী উপস্থিত আছিল।

অনুষ্ঠানত মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে নিজ মন্তব্যত কয় যে সমগ্ৰ বিশ্বত ক'ভিড-১৯ এ মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত দেশত ২৪ মাৰ্চৰ পৰা ঘোষণা কৰা লকডাউন তথা উক্ত ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বিৰুদ্ধে প্ৰায় ২৪ ঘণ্টাই ব্যস্ত থাকিব লগা হোৱাৰ বাবে দীৰ্ঘ সময় তেখেতে সংবাদকৰ্মীসকলৰ সৈতে সহযোগিতা কৰিব পৰা নাছিল। কালিৰ এই আলোচনাৰ যোগেদি তেখেতে অনাগত দিনত ক'ভিড-১৯ ৰ বিৰুদ্ধে চলি থকা এই যুদ্ধখনত সংবাদকৰ্মীসকলৰ সহযোগিতা লাগিব বুলিও কয়।

অনুষ্ঠানত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক থানেশ্বৰ নেওগে মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে বোকাজানত দ্বায়িত্ব গ্ৰহণ কৰিয়েই ক'ভিড-১৯ ভাইৰাছৰ বিৰুদ্ধে বৰ্তমান পৰিস্থিতিত যি দৃঢ়তাৰে যুঁজ অব্যাহত ৰাখিছে তাৰবাবে তেওঁ প্ৰসংশাৰ পাত্ৰ বুলি কোৱাৰ লগতে অনাগত দিনত এই মহামাৰীৰ বিৰুদ্ধে সংবাদকৰ্মী আৰু আৰক্ষীয়ে ঐক্যবদ্ধভাৱে এই যুঁজখন চলাই নিয়াৰ উপৰি সংবাদকৰ্মীসকলৰ সহযোগিতা সদায় থাকিব লাগিব বুলিও মন্তব্য কৰে।

কালিৰ এই অনুষ্ঠানতেই মহকুমা আৰক্ষী বিষয়া জন দাস আৰু খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰক্ষ্মই সাংবাদিকসকলক কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীৰ সম্যক ধাৰণাৰে স্থানীয়ভাৱে প্ৰস্তুত কৰা এটা প্লাষ্টিকৰ পিপিই কিট, এখন মাস্ক আৰু চেনিটাইজাৰ প্ৰদান কৰে। উল্লেখ্য যে খটখটি আৰক্ষী থানাৰ এগৰাকী উপ-পৰিদৰ্শক বিষয়াই স্থানীয়ভাৱে নিৰ্মিত উক্ত পিপিই কিটটো কেনেদৰে পৰিধাৰণ কৰা হয় সাংবাদিকসকলৰ সন্মুখত এটা ডেম' প্ৰদৰ্শন কৰে।