ডিজিটেল ডেস্কঃ উপাসনা কৰি থকাৰ সময়তেই মৃত্যু ঘন্টা বাজে ইজিপ্তৰ কাইৰো চহৰত থকা এটা মছজিদত৷ মুহুৰ্ততে চিৰ নিদ্ৰাত ঢলি পৰে শ শ লোক৷ শুকুৰবাৰে নামাজৰ সময়তেই সন্ত্ৰাসবাদীৰ আক্ৰমণ হয় কাইৰোৰ উত্তৰ দিশৰ শিনাই অঞ্চলত৷ মৃত্যুয়ে যেন খাপ পিতি ৰৈ আছিল শুকুৰবাৰৰ নামাজলৈ যোৱা লোক সকললৈ৷

সন্ত্ৰাসবাদীয়ে কেৱল নিৰ্দিষ্ট বোমা বিষ্ফোৰণৰ লগতে গুলীও চলাই নিৰীহ লোকক উদ্দেশ্যে ৷ প্ৰথম অৱস্থাত মৃত্যুকৰ সংখ্যা আছিল ২০০ জনৰ মৃত্যু হয় যদিও পিছলৈ এই সংখ্যা বৃদ্ধি হৈ হয় ২৩৫ জনলৈ৷ লগতে আহত হয় ১০৯ জন লোক৷