গুৱাহাটীঃ জীৱনবোধ, মানৱতা আৰু ভৱিষ্যতৰ জীৱনৰ অন্বেষণৰ ক্ষেত্ৰত সুক্ষ্মদৃষ্টিৰে পৰ্যবেক্ষণ কৰা ড. জগদীন্দ্ৰ ৰায় চৌধুৰীৰ The Setting Sun শীৰ্ষক গল্প সংকলনখন বুধবাৰে উন্মোচন কৰা হয়। ড. দয়ানন্দ পাঠকৰ দ্বাৰা উন্মোচিত ইংৰাজী ভাষাৰ সংকলনটিত মুঠ ১৪ টা গল্প সন্নিবিষ্ট কৰা হৈছে। 

গুৱাহাটী প্ৰেছ ক্লাবত দুপৰীয়া ১ বজাত অনুষ্ঠিত উন্মোচনী সভাত সাহিত্য-কলা-সংস্কৃতিৰ লগত জড়িত অজয় দত্ত, নৱ ঠাকুৰীয়া, চন্দ্ৰজিৎ শইকীয়া, বিমান হাজৰিকা, ৰুপম বৰুৱা, ৰনেন কুমাৰ গোস্বামী, দিলীপ শৰ্মা, অনুপ তালুকদাৰ, বিপুল শৰ্মা, নম্ৰতা দত্ত, ভৱেন গোস্বামী, অবিজ্ঞান প্ৰসাদ, অনন্য ভৌমিক উপস্থিত থাকে। 

বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক তথা উপাধ্যক্ষ ৰায় চৌধুৰীৰ ইতিমধ্যে দুখনকৈ গল্প সংকলন ক্ৰমে 'গল্প’ আৰু সোলেং সপোন প্ৰকাশিত হৈছে। 

ইয়াৰ উপৰিও চৌধুৰীৰ চাৰিখনকৈ উপন্যাস- অথিৰ এহু সংসাৰ, জীৱন নদীৰ সাঁকো, বিন্দু বিন্দু ৰক্ত, হেঙুল বৰণ আখি (প্ৰতিমা পাণ্ডেৰ জীৱনৰ ওপৰত আধাৰিত) আৰু শেহতীয়া এখনি ভ্ৰমণ উপন্যাস ''অণ্টাৰিঅৰ সেউজ দলিচাত’’ প্ৰকাশিত হৈছে। 

শিশু উপযোগী গ্ৰন্থ ''বিচিত্ৰ প্ৰাণী জগত’’কে ধৰি শিশু সাহিত্য উত্তৰণ অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সভাপতিৰ দায়িত্বত থকা চৌধুৰীয়ে ভালেমান শিশু উপযোগী গ্ৰন্থ প্ৰকাশ কৰিছে। 

উল্লেখ্য যে চৌধুৰীৰ কেবাটাও গল্প আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে সম্প্ৰচাৰ হৈছে। গল্প সংকলন The Setting Sun পাণবজাৰস্থিত ইষ্টাৰ্ণ বুক হাউছত পাব বুলি ৰায় চৌধুৰীয়ে জনাইছে। মূল্য ১৯৫ টকা।