ৰবীন মহন্ত, বৰহোলাঃ তিতাবৰ জিলা মইনা পাৰিজাতৰ সপ্তম দ্বি-বাৰ্ষিক শিশু সমাৰোহখন ফুলবাৰী সুৰ মাধুৰী মইনা পাৰিজাত আৰু স্থানীয় ৰাইজৰ সহযোগত ক্ৰীড়াবিদ ৰমানন্দ শইকীয়া সোঁৱৰণী মঞ্চত অহা ১০, ১১ আৰু ১২ মে'ত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব।

সমাৰোহ উপলক্ষে ১১ মে’ ত বিয়লি ২ বজাত ক্ৰমে শৈলেন্দ্ৰ বৰা আৰু তৰুণ চাংমায়ে কাৰ্যালয় আৰু শিবিৰ মুকলিৰ পাছতেই মঞ্চ উদ্বোধন কৰিব সমাজকৰ্মী প্ৰকাশ শইকীয়াই। ইয়াৰ পাছতেই মইনাসকলৰ মাজত অনুষ্ঠিত হ’বলগীয়া বিভিন্ন প্ৰতিযোগিতা উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চেনিৰাম বৰাই।

সন্ধিয়া মইনা পাৰিজাতসমূহৰ মাজত সমূহীয়া প্ৰাৰ্থনা সভাত ৰামচন্দ্ৰ শইকীয়াই মুখ্য বন্তি প্ৰজ্বলক ৰূপে উপস্থিত থকাৰ লগতে মইনাৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব প্ৰাক্তন মইনা বাগ্মীতা শইকীয়াই। ১১ মে’ত পুৱা মইনাসকলৰ মাজত ১০০ মিটাৰ দৌৰ অনুষ্ঠিত হোৱাৰ পাছতেই পুৱা ৮ বজাত তিতাবৰ অঞ্চলিকৰ মইনা উজ্জ্বল শইকীয়াই পতাকা উত্তোলন আৰু বৰহোলা অঞ্চলিকৰ মইনা ঝৰ্ণা কুৰ্মীয়ে স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰাৰ পাছতেই মইনাসকলৰ মাৰ্চপাষ্টৰ অভিবাদন গ্ৰহণ কৰিব তিতাবৰ জিলা মইনা পাৰিজাতৰ সভাপতি অপূৰ্ব শইকীয়াই আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি বিপিন চন্দ্ৰ শইকীয়াই।

ইয়াৰ পাছতেই মইনাসকলৰ মাজত লং জাম্প, প্ৰশ্নোত্তৰ, চিত্ৰাংকণ, একক অভিনয়, বিভিন্ন একক গীত আৰু সমবেত সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সন্ধিয়া মইনাৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব শিশু বন্ধু পুলিন কাকতিয়ে। 

১২ মে' অনুষ্ঠান উপলক্ষে পুৱা ৯ বজাৰপৰা অনুষ্ঠিত হ’ব লগা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বিশিষ্ট নাট্যকৰ্মী প্ৰতিম মহন্তই। দিনৰ ১১ বজাৰপৰা অনুষ্ঠিত হ’ব লগা মুকলি সভাখন উদ্বোধন কৰিব মইনা শ্ৰুতিপ্ৰিয়া ভূঞাই।

মইনা শ্বুহান শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা সভাত গোলাঘাট জিলা মইনা পাৰিজাতৰ মইনা স্বৰাজ শইকীয়া আৰু যোৰহাট জিলা মইনা পাৰিজাতৰ মইনা বিদিশা হাজৰিকাই মইনা বক্তা ৰূপে অংশগ্ৰহণ কৰাৰ লগতে মইনা স্নেহা প্ৰিয়দর্শীনি শইকীয়া আৰু স্নেহাময়ী দত্তই মইনা অতিথি ৰূপে অংশগ্ৰহণ কৰি বক্তৃতা প্ৰদান কৰিব।

সদৌ অসম মইনা পাৰিজাতৰ কাৰ্যকৰী সভাপতি ড০ মণ্টুমণি দত্তই, মুখ্য অতিথি, সম্পাদক বীৰেন কলিতাই নিৰ্দিষ্ট বক্তা, এমআৰএছৰ অধ্যক্ষ ৱাজিদুৰ ৰহমান, সংগীত শিল্পী ৰীপা গোস্বামীয়ে বিশিষ্ট অতিথি, ব্ৰজেন বৰা, বদন চন্দ্ৰ বৰা, চন্দ্ৰ বৰুৱা, যজ্ঞেশ্বৰ বৰা, আৰিফ ৰহমান, অৰুণ শইকীয়া, দিলীপ কুমাৰ খাউণ্ড আৰু প্ৰণৱ কুমাৰ ফুকনে আমন্ত্ৰিত অতিথি ৰূপে সমাৰোহত অংশগ্ৰহণ কৰাৰ কথা। 

সকলো শিশুপ্ৰেমী ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে তিতাবৰ জিলা মইনা পাৰিজাতৰ সম্পাদক ৰবীন মহন্তই।