দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ অঞ্চলৰ লাটিমা গাঁৱৰ বিশ্বনাথ শৰ্মা মজলীয়া বিদ্যালয় প্ৰাংগণত অহা ১০ মে’ত দিনযোৰা কাৰ্যসূচীৰে জয়ন্ত হাজৰিকাৰ সোঁৱৰণত লাটিমা ভাস্কৰ সংঘৰ উদোগত ব’হাগী উৎসৱ উদযাপন ব‍্যাপক প্ৰস্তুতি চলিছে।

এই উপলক্ষে দীপক দাসক সভাপতি, খনিন্দ্ৰ দাসক সম্পাদক হিচাপে লৈ এখন বিহু উদযাপন সমিতি গঠন কৰা হৈছে। কাৰ্যসূচী অনুসৰি ১০ মে’ৰ পুৱা সংঘৰ পতাকা উত্তোলন, বিহুৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষ ৰোপনৰ পাছতে খেল-ধেমালি আৰু সুকুমাৰ কলা প্ৰতিযোগিতা।

আবেলি ৪ বজাত আলোচনা-চক্ৰ আৰু বঁটা বিতৰণি সভা অনুষ্ঠিত হ’ব। সভাখন সঞ্চালনা কৰিব বিহু পৰিচালনা সমিতিৰ সভাপতি বীৰেণ শৰ্মাই। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্টা সাহিত্যক তথা সমাজসেৱীকা মৃনালিনী দেৱীয়ে।

মুখ্য আলোচক হিচাপে থাকিব ক্ৰমে শিক্ষাবিদ প্ৰভাত শৰ্মা আৰু দেৱেন দাস। সন্ধিয়া ৬ বজাত অসমীয়া গীতৰ আধাৰত আধুনিক নৃত্য প্ৰতিযোগিতা। নিশা ন বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকাই। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ দেৱশংকৰ আৰু ভিতালীৰ লগতে আকাশী গংগা ডেন্স গ্ৰুপ, মুৰুলী সাংস্কৃতিক গোষ্ঠী।