দিগন্ত বৰ্মণ, বৰনদ্দীঃ নলবাৰী আগশাৰীৰ  মহেন্দ্ৰ নাৰায়ণ বালিকা মহাবিদ্যালয়ত শনিবাৰে বিশিষ্ট ওড়িয়া কবি সৌভাগ্য কুমাৰ মিশ্ৰৰ কেন্দ্ৰীয় সাহিত্য অকাডেমি পুৰস্কাৰপ্ৰাপ্ত "দ্বা সুপৰ্ণা" নামৰ কবিতা পুথিখনৰ অসমীয়া অনুদিত গ্ৰন্থ আৰু "ওড়িআ সাহিত্য সংস্কৃতিৰ আভাষ" নামৰ আন এখন গ্ৰন্থ  আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷

বিশিষ্ট লেখিকা তথা অসম ভেলী একাডেমী জুনিয়ৰ কলেজ, নলবাৰীৰ অধ্যক্ষা বৰ্ণালী শৰ্মা গৌড় আৰু নলবাৰীৰ মহেন্দ্ৰ নাৰায়ন চৌধুৰী বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট লেখক ড° কৃষ্ণ চন্দ্ৰ গৌড়ে অনুবাদ কৰা গ্ৰন্থ "দ্বা সুপৰ্না" আনুষ্ঠানিকভাৱে উন্মোচন কৰি বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক নিৰুপমা বৰগোহাঞিয়ে ভাষণ প্ৰসংগত ওড়িয়া সাহিত্য জগতৰ লগত আত্মিক সম্পৰ্ক থকা বুলি উল্লেখ কৰি গ্ৰন্থখনে অসমৰ মানুহক ওড়িয়া সমাজখনক বুজাত সহায় কৰিব বুলি উল্লেখ কৰে।

পূৰ্বাঞ্চল প্ৰকাশৰদ্বাৰা আয়োজিত তথা নলবাৰীৰ মহেন্দ্ৰ নাৰায়ন চৌধুৰী বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অধ্যাপিকা নৱনিতা কলিতাই আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বৰ্ণালী শৰ্মা গৌড়ৰ আন এখন  পুথি "ওড়িআ সাহিত্য সংস্কৃতিৰ আভাষ" নামৰ গ্ৰন্থখন উন্মোচন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° দিলীপ বৰাই ভাষণ প্ৰসংগত কয় যে, সাম্প্ৰতিক সময়ত ভাৰতীয় বোধ বেছিকৈ উচ্চাৰিত হৈছে। অনস্বীকাৰ্য ভাৰতীয় বোধত চেতনাৰ প্ৰয়োজন আছে। সেইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে।কিন্তু তাৎপৰ্যপূৰ্ণ কথা হ’ল এই চেতনা গঢ়াৰ বাটত ৰাজনীতিৰ স্থান নাই। এই বাট অনুবাদ সাহিত্যৰদ্বাৰা মুকলি কৰিব পাৰি।

ইপিনে ড° কৃষ্ণ চন্দ্ৰ গৌড়ৰ ইংৰাজী গ্ৰন্থ "সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা এণ্ড সাহিত্যৰথী ফকিৰমোহন সেনাপতিঃ এ কম্পাৰেটিভ ষ্টাডি উইথ স্পেছিয়েল ৰেফাৰেন্স টু দিয়াৰ ফিক্সন"ৰ সন্দৰ্ভত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যাপক ড° প্ৰদীপ জ্যোতি মহন্তই পৰ্যালোচনা আগবঢ়ায়।

ড° মহন্তই তুলনামূলক সাহিত্য বিশাল প্ৰপঞ্চ বুলি প্ৰকাশ কৰি সকলো কাব্য সৃষ্টিয়ে মানুহৰ অমূল্য সম্পদ বুলি মন্তব্য কৰে। উক্ত অনুষ্ঠানত বজালী মহাবিদ্যালয়ৰ অধ্যাপিকা ড° বিনীতা বৰা দেৱচৌধুৰীয়ে "দ্বা সুপৰ্ণা" নামৰ গ্ৰন্থখনৰ সমালোচনাত্মক বক্তৃতা প্ৰদান কৰে।