বৰনৰ্দ্দী, দিগন্ত বৰ্মণ
 

বৰনৰ্দ্দীঃ অসমৰ আগশাৰীৰ সাহিত্য গোষ্ঠী বাসনা সাহিত্য গোষ্ঠিৰ উদ্যোগত বৃহস্পতিবাৰে আবেলি ৩ বজাত গুৱাহাটীৰ প্ৰেছ ক্লাবত সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি তথা নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰোহিনী মেধিৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী পালনৰ ব্যৱস্থা কৰা হৈছে। 

কাৰ্যসূচী অনুসৰি প্ৰয়াত মেধিৰ সহধৰ্মীনী গিৰিজা মেধিয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে অনুষ্ঠিত হ’ব ষ্মৃতিচাৰণ সভাখন। সভাখনত উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক, গৱেষক ডঃ গোবিন্দ প্ৰসাদ শৰ্মা, বিশিষ্ট সাহিত্যিক ৰত্নেশ্বৰ বসুমতাৰীৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যাক্তি। 

উক্ত অনুষ্ঠানতে প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাক "সময় শংকা শব্দ" নামৰ মৌলিক গ্ৰন্থৰ বাবে ৰোহিনী মেধি সোঁৱৰণী বঁটা ২০১৯, প্ৰদান কৰা হ’ব। আনহাতে দৈনিক অগ্ৰদূত কাকতৰ সম্পাদক প্ৰাঞ্জল সেন ডেকা, অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাক ৰোহিনী মেধি সোঁৱৰণী প্ৰেৰণা বঁটা ২০১৯ প্ৰদান কৰা হ’ব।   

বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ মণোৰঞ্জন শৰ্মা, চিকিৎসা কৰ্মী ৰুনু দেবী শৰ্মাক মানব সেৱা বঁটা প্ৰদান কৰা হ’ব বুলি সাহিত্য গোষ্ঠীৰ সভাপতি নিপজোতি মেধিয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে৷